মস্কো ভ্ৰমণত অভিনেত্ৰী কাজলঃ কন্যালৈ মনত পৰি শ্বেয়াৰ কৰিলে ফটো
অভিনেত্ৰীগৰাকীয়ে শেহতীয়াভাবে আপলোড কৰিছে কন্যা ন্যাশাৰ সৈতে তোলা এখনি ফটো আৰু শিৰোনামত লিখিছে, "কণমানিজনীলৈ মনত পৰিছে"

সম্প্ৰতি মস্কোত পুত্ৰ য়োগ আৰু ননদৰ সৈতে বন্ধৰ দিনৰ আমেজ লোৱাত ব্যস্ত জনপ্ৰিয় অভিনেত্ৰী কাজল। এই কথা প্ৰকাশ পায় কিছুদিন পূৰ্বে অভিনেত্ৰী গৰাকীয়ে পৰিয়ালৰ সৈতে ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰা এখনি সুন্দৰ ফটোৰ জৰিয়তে। যিহেতু স্বামী অজয় দেৱ্গান এতিয়া মালদ্বীপত ব্যস্ত বীয়েৰ গ্ৰাইলছৰ সৈতে ডিস্কোভাৰী চেনেলৰ এটি শ্ব' ৰ চিত্ৰগ্ৰহণত, অভিনেত্ৰীগৰাকীয়ে পৰিয়ালবৰ্গৰ সান্নিধ্যত পাৰ কৰিছে এই সময়।
মস্কোত বন্ধৰ দিনৰ আমেজ লৈ থকা অভিনেত্ৰীগৰাকীয়ে শেহতীয়াভাবে আপলোড কৰিছে কন্যা ন্যাশাৰ সৈতে তোলা এখনি ফটো আৰু শিৰোনামত লিখিছে, "কণমানিজনীলৈ মনত পৰিছে"।
জীয়ৰী ন্যাশা আৰু কাজলৰ সম্বন্ধ অতি ঘনিষ্ঠ। ভিন্ন সময়ত মাতৃৰ সৈতে দেখিবলৈ পোৱা যায় ন্যাশাক। কাজলৰ ইনষ্টাগ্ৰামতো তেওঁ শ্বেয়াৰ কৰে ন্যাশাৰ সৈতে বহুতো ফটো।
শেহতীয়া ফটো খনত দুয়োৰে পিন্ধনত ছফেড বগা সাজ, আৰু এই ফটো তোলা হৈ এখন গাড়ীৰ ভিতৰত। দুয়োৰে মুখৰ উজ্জ্বল হাঁহিয়ে সুস্পষ্ট কৰে হে, দুয়োয়ে এজনে আনজনৰ সান্নিধ্য বাৰুকৈয়ে উপভোগ কৰে।
আৰু চাব পাৰেঃ ভাৰতীয় ষ্টেট বেংকত প্ৰবেচনাৰী বিষয়াৰ পদখালী