Begin typing your search above and press return to search.

চৰ্চাত অভিনেত্ৰী কেটৰিনা কাইফৰ চান-কিচ্চদ ফটো

এই ছবিত কেটৰিনাক কেতবোৰ একশ্যন দৃশ্যত দেখিবলৈ পোৱা যাব ৷

চৰ্চাত অভিনেত্ৰী কেটৰিনা কাইফৰ চান-কিচ্চদ ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2021 7:55 AM GMT


জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফে শেহতীয়াকৈ ইনষ্টাগ্রামত শ্বেয়াৰ কৰা ইটালীৰ দুখন চান-কিচ্চদ ফটোৱে অনুৰাগীসকলৰ মাজত অতি জনপ্ৰিয়তা লাভ কৰিছে। ফটো দুখন শ্বেয়াৰ কৰাৰ কিছু মুহূৰ্ত্তৰ পাছতে ফটো দুখনে ছ'চিয়েলয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে ৷ ফটো দুখনৰ লগত অভিনেত্ৰী গৰাকীয়ে ইটালীত মানচিত্ৰৰ এটি ইম'জি দিছে, যাৰ লগতে লাগি আছে এটি ৰঙা হৃদয়ৰ ইম'জী। সূৰ্যৰ পোহৰত জিলিকি উঠা তেওঁৰ দেহৰ বৰণ, আটিল শৰীৰ আৰু তেওঁৰ ভমকাফুলীয়া সুন্দৰ সাজটিৰ শোভাবৰ্ধন কৰিছে।

সম্প্ৰতি কেটৰিনা নতুন ছবি "টাইগাৰ-৩"-ৰ কামত ব্যস্ত৷ চিত্ৰগ্ৰহণ চলি থকাৰ মাজতে তেওঁ অভিনেতা ছলমান খানৰ সৈতে তুৰস্কৰ পৰ্যটন মন্ত্ৰীক সাক্ষাৎ কৰে। পাছত মন্ত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই সাক্ষাতৰ কিছু ফটো শ্বেয়াৰ কৰে।

সম্প্ৰতি তুৰস্কত ছবিখনৰ শ্বুটিং চলি আছে ৷ জানিব পৰা মতে, ছবিখনত অভিনয় কৰা অভিনেতা ইমৰান

হাছমীয়ে দুয়োৰে লগত যোগ দিছেগৈ। এই ছবিত কেটৰিনাক কেতবোৰ একশ্যন দৃশ্যত দেখিবলৈ পোৱা যাব ৷


আৰু চাব পাৰেঃ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণত অধ্যক্ষৰ পদ খালী

Next Story
চাকৰি