Begin typing your search above and press return to search.

ডিচেম্বৰত বলিউডত আৰু এখন নতুন বিয়া !

বিবাহৰ প্ৰস্তুতিত নামি পৰিছে কেটৰিনা কাইফ আৰু বিকি কৌশল

ডিচেম্বৰত বলিউডত আৰু এখন নতুন বিয়া !

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2021 12:01 PM GMT

"কফি উইথ কৰণ" শ্ব'টোত অভিনেত্ৰী কেটৰিনা কাইফে প্ৰকাশ কৰিছিল যে তেওঁ আৰু অভিনেতা বিকি কৌশলক একেলগে দেখাত ভাল লাগিব। আৰু কেটৰিনাৰ এই ভাষ্যৰৰ প্ৰতিক্ৰিয়াৰূপে অভিনেতা গৰাকীয়ে সুখতে মূৰ্চিত হৈ যোৱাৰ নাটক কৰিছিল একেটি অনুষ্ঠানতে। কিন্তু হয়টো কোনেও কল্পনা কৰা নাছিল যে, ধেমেলীয়া যেন লগা এই দৃশ্য সমূহ বস্তবলৈ ৰূপান্তৰিত হ'ব। হয়টো এয়াই জীৱন যাৰ অভিনৱ পৰিকল্পনা সমূহৰ সৈতে কোনো অৱগত নহয়। সেই বছৰ যোৱা ১৮আগষ্ট তাৰিখে এই সম্পৰ্কই এক নতুন পাতনি মেলে। কেটৰিনা আৰু বিকি, দুয়োয়ে দুয়োকে আঙুঠি পিন্ধাই সংকল্পবদ্ধ হয় চিৰদিনৰ সুখে দুখে সমভাগী হোৱাৰ বাবে। আৰু বৰ্তমানৰ কিছু তথ্যৰ পৰা জানিবলৈ পোৱা অনুসৰি অচিৰেই নিজৰ সম্পৰ্কক আনুষ্ঠানিক নাম দিবলৈ আগ বাঢ়িছে দুয়ো।

খবৰ অনুসৰি বিবাহৰ প্ৰস্তুতিত নামি পৰিছে দুয়োগৰাকী অভিনেতা। আৰু এই যশস্বী বিয়াখনৰ দুয়ো দৰা আৰু কইনাৰ বাবে সাজপাৰৰ যোগান ধৰিব কলিকতাৰ বিখ্যাত ডিজাইনাৰ শব্যসাঁচিয়ে। বৰ্তমান ব্যস্ততা সাজপাছৰ ফেব্ৰীকক লৈ। অভিনেত্ৰী গৰাকীয়ে বাছনি কৰিছে ৰ' চিল্ক, যিহেৰে তৈয়াৰ কৰা হ'ব এযোৰ আটকধুনীয়া লেহেংগা। আৰু এই বিয়া অনুষ্ঠিত হ'ব এই বছৰৰ শেষৰ ফালে নবেম্বৰ - ডিচেম্বৰ মাহত।

অৱশ্যে বৰ্তমান সময় লৈকে কেটৰিনা আৰু বিকি কোনো এগৰাকীয়েও নিজৰ সম্পৰ্কৰ কথাত কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই। একেলগে ছুটিৰ দিনৰ আমেজ লোৱাৰ পাছতো অকশৰীয়াকৈ ফটো আপলোড কৰা পৰিলক্ষিত কৰা হয় দুয়োগৰাকীকে। পিছে এই কথা প্ৰকাশ পায় ফটো একেই বেকগ্ৰাউণ্ডৰ পৰা। ইয়াৰোপৰি অভিনেতা বিকি কৌশলক বহু সময়ত অভিনেত্ৰী গৰাকীৰ বাসগৃহৰ পৰা ওলোৱা আৰু সোমোৱা দেখিবলৈ পোৱা যায়। বিকি কৌশলৰ ছবি "চৰ্দাৰ উদ্ধম্"ৰ স্ক্ৰিনিঙৰ পাছতো দুয়োকে একেলগে দেখিবলৈ পোৱা যায়, যাৰ পাছতেই মুকলিমুৰিয়াকৈ এজনে আনজনৰ আলিংগন কৰে।


আৰু পঢ়িব পাৰেঃ "চৰ্দাৰ উধম"ক অস্কাৰ লৈ মনোনীত নকৰাৰ সিদ্ধান্ত জুৰীৰ

Next Story
চাকৰি