Begin typing your search above and press return to search.

এইবাৰ উৰাজাহাজত "মানিকে মাগে হিথে"

জনশূণ্য উৰাজাহাজত আকৰ্ষণীয় নৃত্য কৰি প্ৰশংসা বুটলিছে ইণ্ডিগ' বিমানৰ বিমান পৰিচালিকাই।

এইবাৰ উৰাজাহাজত মানিকে মাগে হিথে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2021 9:56 AM GMT

শ্ৰীলংকাৰ কণ্ঠশিল্পী য়হানি দিলকা ডে চিলভাৰ জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা গীত "মানিকে মাগে হিথে"ত ইণ্ডিগ'ৰ জনশূণ্য উৰাজাহাজত এগৰাকী বিমান পৰিচাৰিকা ই আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰা এটি ভিডিঅ' শেহতিয়াকৈ ইণ্টাৰনেটত প্ৰকাশ পাইছে।

উল্লিখিত গীতটি বৰ্তমান ইণ্টাৰনেট জগতত ধুমুহাৰ গতিত প্ৰকাশ পাইছে আৰু দৰ্শক সকলোৱেও ইয়াক দোহাত মেলি আঁকোৱালি লৈছে।

বিমান পৰিচাৰিকা গৰাকীৰ ভিডিঅ'টোৱে ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ পাছতে প্ৰায় ১৮,৫৭৫,২৭৭ লোকে ইয়াৰ প্ৰশংসা কৰিছে।

উক্ত ভিডিঅ'ত বিমান পৰিচাৰিকাৰ ইউনিফৰ্ম পৰিধান কৰিয়েই বিমান পৰিচাৰিকা আয়াট উৰ্ফ আফ্ৰিনক জনশূণ্য বিমানৰ কৰিডৰৰ মাজত ৰৈ নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ৰিপৰ্ট অনুসৰি পৰিচালিকা গৰাকীৰ সহযোগীয়ে এই ভিডিঅ' ৰেকৰ্ড কৰিছে।

আৰু পঢ়িব পাৰেঃ দুডাল টিকনিৰ কথাৰে

Next Story
চাকৰি