Begin typing your search above and press return to search.

মালদ্বীপ ভ্ৰমণৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে পৰিণীতি চোপ্ৰাই

তেওঁ তেওঁৰ আন এজন ভাতৃ সহজ চোপ্ৰাৰ অনুপস্থিতি মালদ্বীপ ভ্ৰমণৰ সময়ত বাৰুকৈয়ে অনুভৱ কৰে।

মালদ্বীপ ভ্ৰমণৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে পৰিণীতি চোপ্ৰাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2021 7:26 AM GMT

মালদ্বীপ বলীউডৰ তাৰকাসকলৰ আটাইতকৈ প্ৰিয় ভ্ৰমণস্থলী হৈ পৰিছে। কেইবাগৰাকীও তাৰকাই মালদ্বীপ ভ্ৰমণ কৰাৰ পিছত পৰিণীতি চোপ্ৰায়ো তাকে কৰে। মালদ্বীপৰ সমুদ্ৰতীৰত ৰ'দলৈ নীল সমুদ্ৰৰ সৌন্দৰ্য উপভোগ কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ ফটো তেওঁ ইনষ্টাগ্ৰমাত শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃ নীনা আৰু পৱন চোপ্ৰা আৰু তেওঁৰ ভাতৃ শিৱাং চোপ্ৰাৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ লগতে উল্লেখ কৰিছে যে তেওঁ তেওঁৰ আন এজন ভাতৃ সহজ চোপ্ৰাৰ অনুপস্থিতি মালদ্বীপ ভ্ৰমণৰ সময়ত বাৰুকৈয়ে অনুভৱ কৰে।

পৰিণীতিয়ে ইনষ্টাগ্ৰামত এখন নাৱত পৰিয়ালৰ সৈতে তোলা ফটো শ্বেয়াৰ কৰিছে। আন এখন ফটোত তেওঁ সাগৰৰ পাৰত পজ দিয়া দেখা গৈছে। তেওঁ পানী আৰু বালিত ভৰিৰ কেইবাখনো ফটো পোষ্ট কৰে।

এনেদৰে কিছুদিন বন্ধৰ দিন কটোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে মুম্বাইলৈ ঘূৰি আহিছে। তেওঁক পৰিয়ালৰ সৈতে বিমানবন্দৰত দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে নীলা ডেনিম চৰ্টছৰ সৈতে এটা ক্লাছিক বগা টি-চাৰ্ট পিন্ধিছিল আৰু এটা ডাঙৰ ব্লেজাৰ আৰু এটা বগা বেগ আৰু গুচিৰ চেণ্ডেল পিন্ধিছিল ।


আৰু পঢ়িব পাৰেঃ অনলাইনত আনিলে শুক্ৰাণু -গৰ্ভধাৰণ কিটঃই-বেবী জন্ম দিলে ব্ৰিটিছ মহিলাই

Next Story
চাকৰি