Begin typing your search above and press return to search.

অচিৰেই মুক্তি পাব প্ৰভাস, অক্ষয় কুমাৰ, ছৈফৰ নতুন ছবিয়ে

এই ছবিত প্ৰভাসৰ উপৰি দেখিবলৈ পোৱা যাব মোহময়ী অভিনেত্ৰী কৃতি ছেনন আৰু চানি সিঙক

অচিৰেই মুক্তি পাব  প্ৰভাস, অক্ষয় কুমাৰ, ছৈফৰ নতুন ছবিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2021 11:27 AM GMT


মহাৰাষ্ট্ৰ চৰকাৰে চিত্ৰগৃহসমূহ পুনৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়া খবৰ প্ৰচাৰ পোৱাৰ পাছৰ পৰা চলচ্চিত্ৰ জগত নিজ নিজ ছবিৰ মুক্তি দিন আৰক্ষণত ব্যস্ত হৈছে। তলিউডৰ জনপ্ৰিয় তাৰকা প্ৰভাস অভিনীত ছবি "আদিপুৰুষ"ৰ মুক্তিৰ দিন পূৰ্বে ১১আগষ্ট ২০২২ হিচাপে ধাৰ্য্য কৰা হৈছিল। শেহতীয়াভাৱে প্ৰকাশ পোৱা বাতৰিৰ মতে, অক্ষয় কুমাৰ আৰু ভূমি পেণ্ডেকাৰৰ ছবি "ৰক্ষা বন্ধন"ও একে দিনতেই মুক্তি লাভ কৰিবলৈ গৈ আছে।

ওম প্ৰকাশ নিৰ্দেশিত "আদিপুৰষ" হৈছে এখন ইতিহাসৰ এটি সময়ক লৈ ৰচনা কৰা এটি কাহিনী। এই ছবিত প্ৰভাসৰ উপৰি দেখিবলৈ পোৱা যাব মোহময়ী অভিনেত্ৰী কৃতি ছেনন আৰু চানি সিঙক। হিন্দীৰ উপৰিও এই ছবি মুক্তি কৰা হ'ব তামিল, তেলেগু, কান্নাদা আৰু মালায়ালাম ভাষাত। ছবিখনৰ অধিকতম অংশ চিত্ৰগ্ৰহণৰ হৈছে হায়দৰাবাদত। কিছু দিন পূৰ্বে নিৰ্দেশক ওম প্ৰকাশে সংবাদ মাধ্যমৰ জনায় যে "বহু কাম চলি আছে। প্ৰভাস আৰু চেইফে বহুত কষ্ট কৰিছে, শাৰীৰিকভাবে প্ৰভাসে বহুগুণে ৰূপান্তৰ কৰিছে। আৰু দুয়োৰে এই কষ্ট ছবিত প্ৰতিফলিত হৈছে"।

আনহাতে "ৰক্ষা বন্ধন" ছবিত নিৰ্দেশনা প্ৰদান কৰিছে আনন্দ এল ৰায়ে। ছবিখনৰ প্ৰধান চৰিত্ৰত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰ আৰু ভূমি পেণ্ডেকাৰক। ছবিখনৰ চিত্ৰগ্ৰহণৰ মাজতে খিলাদি কুমাৰে নিজৰ ভগ্নীক উদ্দেশ্যি তুইটাৰ যোগে নিজৰ ভাৱ প্ৰকাশ কৰিছিল, "ৰক্ষা বন্ধন ছবিখন, মোৰ ভগ্নীলৈ উৎসৰ্গিত আৰু এটা পৱিত্ৰ সম্বন্ধৰ উদযাপন। চিত্ৰগ্ৰহণৰ প্ৰথম দিন। সকলোৰে মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন"।

Next Story
চাকৰি