ছলমান খানৰ ডবং ৩ হ'ব ছুপাৰ ফ্লপ , এজন অভিনেতাই কৰিলে ঘোষনা

ছলমান খানৰ ডবং ৩ হ'ব ছুপাৰ ফ্লপ , এজন অভিনেতাই কৰিলে ঘোষনা

ছলমান খানৰ ডবং ৩ হ'ব ছুপাৰ ফ্লপ , এজন অভিনেতাই কৰিলে ঘোষনা ।‌ বলিউডত মুক্তি লাভ কৰা ছবিৰ বোৰে প্ৰায়ে দৰ্শকৰ সমাদাৰ লাভ কৰে । তাৰ ভিতৰত কিছুমান ছবি চুপাৰহিট হয় আৰু আন কিছুমান ফ্লপ । আহি আছে ছুপাৰ ষ্টাৰ ছলমান খানৰ নতুন ছবি ডবং ৩ । এই ছবি খনৰ ট্ৰেইলৰ মুক্তি লাভ কৰাৰ পিছৰ পৰাই ছবি খনে সমাদাৰ লাভ কৰি আহিছে । তদুপৰি ছলমান খান সকলোৰে প্ৰিয় অভিনেতা । নতুনকৈ আহিবলগীয়া ছবি খনৰ গানো ইতিমধ্যে মুক্তি লাভ কৰিছে । য'ত এফালে ছবি খনৰ গান বনোৱা আৰু প্ৰমোচনৰ বাবে চলমান খানৰ লগতে ছবি খনত অভিনয় কৰা আন সকলোৱে কষ্ট কৰি আছে আনফালে এজন নাম থকা প্ৰসিদ্ধ অভিনেতাই এই ছবি খন ছুপাৰ ফ্লপ হ'ব বুলি কৈছে। অভিনেতা গৰাকীয়ে এই কথা তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এবাৰ নহয় দুবাৰকৈ টুইট কৰি ছবি খন ছুপাৰ ফ্লপ হ'ব বুলি কৈছে ।

এইজন অভিনেতা তেওঁৰ ছবিৰ বাবে নহয় তেওঁৰ বিতৰ্কিত ভাষ্যৰ বাবে চৰ্চাত থাকে । তেওঁ নিজকে ছ'চিয়েল মিডিয়াত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক বুলি কয়। এইজন অভিনেতাৰ নাম হ'ল কমাল ৰাছিদ খান ওৰফে কে আৰ কে । কে আৰ কে টুইট কৰি কয় যে চলমান খানৰ আহিবলগীয়া ছবি ডবং ৩ ছুপাৰ ফ্লপ হ'ব লগতে ছবি খনৰ গান বিলাকো ফ্লপ হৈছে । লগতে কয় যে ছবি খনে ১৫০ কোটিতকৈ বেছি টকা আয় কৰিব নোৱাৰিব ।

যি নহওক ছলমান খানৰ আহিবলগীয়া ছবি ২০ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। এই ছবি খনত সোনাক্ষী সিন্হায়ো অভিনয় কৰিছে । তদুপৰি ‌ছলমান খান সকলোৰে প্ৰিয় আৰু সম্ভৱত সকলোৱে আদৰি ল'ব ছবি খন ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com