Begin typing your search above and press return to search.

মুক্তিৰ পূৰ্বেই অক্ষয় কুমাৰৰ নতুন ছবি সম্পৰ্কে হুলুস্থুল,হ'ব পাৰে গোচৰ ৰুজু

মুক্তিৰ পূৰ্বেই অক্ষয় কুমাৰৰ নতুন ছবি সম্পৰ্কে হুলুস্থুল,হব পাৰে গোচৰ ৰুজু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2019 10:22 AM GMT

মুক্তিৰ পূৰ্বেই অক্ষয় কুমাৰৰ নতুন ছবি সম্পৰ্কে হুলুস্থুল,হ'ব পাৰে গোচৰ ৰুজু। বৰ্তমান সময়ত বলিউডৰ চলচ্চিত্ৰ‌ সম্পৰ্কে যথেষ্ট চৰ্চা হৈ আছে । অক্ষয় কুমাৰেও এখনৰ পিছত এখন ছবিৰে যথেষ্ট খলকনিৰ সৃষ্টি কৰি আহিছে । চলিত বৰ্ষত বৰ্তমানলৈ অক্ষয় কুমাৰৰ ৩ খন ছবি মুক্তি লাভ কৰিছে । তদুপৰি অক্ষয় কুমাৰৰ প্ৰত্যোক খন ছবিয়ে ৰাইজৰ পৰা যথেষ্ট সহাৰি লাভ কৰিছে। মুক্তি লাভ কৰা ছবিৰ সৈতে তেওঁৰ আহিবলগীয়া আন বহু ছবিৰ বিষয়েও ইতিমধ্যে ঘোষণা হৈছে । এই সময়তে অক্ষয় কুমাৰৰ আহিবলগীয়া এখন ছবিৰ ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ খবৰ আহিছে । তদুপৰি এই ছবি খনত অনতি পলমে আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰাৰ সম্ভাৱনা আছে।

কিছুদিন আগতে ২০২১ চনত আহিবলগীয়া ছবি বেল বটনৰ পোষ্টাৰে মুক্তি লাভ কৰিছে । য'ত অক্ষয় কুমাৰ আৰু ছবি খন মুক্তিৰ তাৰিখ উল্লেখ আছিল । জানিব পৰা মতে এই ছবি খনৰ ওপৰত দক্ষিনৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্দেশক ৰবি বৰ্মাই আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰাৰ কথা ভাবিছে । জানিব পৰা মতে অক্ষয় কুমাৰৰ বেল বটন নামৰ ছবি খন দক্ষিন ভাৰতীয় ছবিৰ পৰা প্ৰেৰিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰবি বৰ্মাই। যাৰ ফলত অক্ষয় কুমাৰৰ এই ছবি খন সম্পৰ্কে ৰবি বৰ্মাই আইনী প্ৰক্ৰিয়া গ্ৰহন কৰাৰ সিদ্ধান্ত ল'ব পাৰে ।

https://twitter.com/akshaykumar/status/1193551418696904706

এই সন্দৰ্ভত ৰবি বৰ্মাই কয় যে হিন্দী ছবি বেল বটম কানাড়া ছবি বেল বটনৰ কাহিনী আৰু ষ্টাইল কপি কৰা যেন লাগে । লগতে কয় যে ছবি খনৰ নাম আৰু পোষ্টাৰ দক্ষিন ভাৰতীয় ছবি খনৰ লগত মিল আছে।

তেওঁ কয় যে এই সম্পৰ্কে তেওঁ হিন্দী ছবিৰ দলটোক জনাইছে । লগতে অক্ষয় কুমাৰে এই সম্বন্ধে তেওঁলোকৰ লগত কথা পাতিব বুলি কৈছে ।

https://twitter.com/akshaykumar/status/1193556780749598721

অক্ষয় কুমাৰে ছবি খনৰ টুইটাৰ যোগে ছবি খনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল । তদুপৰি ছবি খনৰ ওপৰত অভিযোগ উত্থাপনৰ পিছত অক্ষয় কুমাৰে টুইট কৰিছে যে এই ছবি খন দক্ষিন ভাৰতীয় ছবিৰ আধাৰত নিৰ্মান হোৱা নাই । ইয়াৰ কাহিনী নতুন । ২০২১ চনত মুক্তি লাভ কৰিবলগীয়া এই ছবি খনৰ নিৰ্দেশনা কৰিব ৰঞ্জিত এম তিৱাৰীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক: দেশৰ প্ৰথম খন সমৰ কলা কেন্দ্ৰিক ছবি , অমিতাভ বচ্চনে শ্বেয়াৰ কৰিলে ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati's Last Gate, Protesters slams BJP Government over CAB

Next Story
চাকৰি