দেশৰ প্ৰথম খন সমৰ কলা কেন্দ্ৰিক ছবি , অমিতাভ বচ্চনে শ্বেয়াৰ কৰিলে ভিডিঅ'

 দেশৰ প্ৰথম খন সমৰ কলা কেন্দ্ৰিক ছবি , অমিতাভ বচ্চনে শ্বেয়াৰ কৰিলে ভিডিঅ'

দেশৰ প্ৰথম খন সমৰ কলা কেন্দ্ৰিক ছবি , অমিতাভ বচ্চনে শ্বেয়াৰ কৰিলে ভিডিঅ'। চলচ্চিত্ৰ নিৰ্দেশক ৰাম গোপাল বৰ্মা বহু সময় বিৰতিৰ পিছত আকৌ ছবি জগতলৈ উভতি আহিছে এখন নতুন ছবিৰ সৈতে । তেওঁৰ এই ছবি খন সমৰ কলা কেন্দ্ৰিক অৰ্থাৎ মাৰ্চেল আৰ্টছ ছবি হ'ব । তদুপৰি এই ছবি খনক দেশৰ প্ৰথম খন মাৰ্চেল আৰ্টছ ছবি বুলি কোৱা হৈছে।

আহিবলগীয়া এই ছবি খনৰ নাম " এন্টৰ দা গাৰ্ল ড্ৰেগন" (Enter The Girl Dragon) ।‌এই ছবি খনৰ ট্ৰেইলৰ ইতিমধ্যে প্ৰচাৰ কৰা হৈছে । লগতে ছবি খনৰ ট্ৰেইলৰো অতি আকৰ্ষণীয়। বলিউডৰ বাদছাহ বিগ বি অমিতাভ বচ্চনে ছবি খনৰ ট্ৰেইলৰ ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছে । বিগ বিয়ে তেওঁৰ টুইটাৰত একাউণ্টৰ জৰিয়তে ছবি খনৰ ট্ৰেইলৰ শ্বেয়াৰ কৰিছে ।

https://twitter.com/SrBachchan/status/1199929908593512449

অমিতাভ বচ্চনে ছবি খনৰ নিৰ্দেশক ৰাম গোপাল বৰ্মাক ছবি খনৰ বাবে যথেষ্ট খিনি প্ৰসংশা কৰিছে লগতে শুভেচ্ছা ও জ্ঞাপন কৰে। অমিতাভ বচ্চনৰ এই টুইট বহু লোকৰ যথেষ্ট খিনি সমাদাৰ লাভ কৰিছে । লগতে অমিতাভ বচ্চনে লিখে যে, " ৰাম গোপাল বৰ্মাৰ নতুন ছবি এন্টৰ দা গাৰ্ল ড্ৰেগন ভাৰতৰ প্ৰথম খন সমৰ কলা কেন্দ্ৰিক ছবি। এই ছবি খন ভাৰত আৰু চীনৰ কো প্ৰডাকচনত নিৰ্মান হৈ আছে । শুভকামনা জ্ঞাপন কৰিলো "

ৰাম গোপাল বৰ্মাৰ ছবি " এন্টৰ দা গাৰ্ল ড্ৰেগধ" ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী পূজা ভালেকৰে । এই ছবি খনত পূজা ভালেকৰক এক্সন কৰা দেখা যায় । বহু সময়ত পূজাক শাৰী পিন্ধি ও এক্সন কৰা দেখা যাব । বুধবাৰে মুক্তি পোৱা এই ছবি খনৰ ট্ৰেইলৰত পূজাক ব্ৰুচলিৰ অনুৰাগী হিচাপে দেখা গৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com