Begin typing your search above and press return to search.

প্ৰসাধনৰ বাবেই এইবাৰ ট্ৰ'ল হ'ল বলিউডৰ অভিনেত্ৰী মলাইকা অড়োৰা

প্ৰসাধনৰ বাবেই এইবাৰ ট্ৰল হল বলিউডৰ অভিনেত্ৰী মলাইকা অড়োৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2019 12:47 PM GMT

প্ৰসাধনৰ বাবেই এইবাৰ ট্ৰ'ল হ'ল বলিউডৰ অভিনেত্ৰী মলাইকা অড়োৰা। বলিউড অভিনেত্ৰী মলাইকা অড়োৰা প্ৰায়ে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। প্ৰায়ে মলাইকা অড়োৰাৰ বিভিন্ন ফটো ভিডিঅ' ভাইৰেল হোৱা দেখা যায় । যাৰ ফলত চৰ্চাত থাকে বলিউড অভিনেত্ৰী মলাইকা অড়োৰা। কিছুদিন পূৰ্বেও মলাইকাৰ যোগাসনৰ ভিডিঅ' ভাইৰেল হৈছিল।‌এই ভিডিঅ'ত যথেষ্ট প্ৰতিক্ৰিয়াও লাভ কৰিছিল অভিনেত্ৰী গৰাকীয়ে। তদুপৰি অৰ্জুন কাপুৰৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেও প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰী গৰাকী ।

কিন্তু এইবাৰ মলাইকা চৰ্চালৈ আহিছে প্ৰসাধনৰ বাবে। কিছু সময় পূৰ্বে মলাইকা অড়োৰাই নিজৰ ইন্চটাগ্ৰাম‌ একাউণ্টৰ জৰিয়তে এখন ফটো পোষ্ট কৰিছিল । বহু লোকে ফটো খন পচন্দ কৰে যদিও আন বহু লোকে ফটো খন সম্পৰ্কে হাস্যকৰ মন্তব্য আগবঢ়ায়। নিজৰ প্ৰসাধনৰ ফলত ট্ৰ'ল হয় অভিনেত্ৰী মলাইকা অড়োৰা।

https://www.instagram.com/p/B5UFmO5BprV/?utm_source=ig_web_copy_link

কিছুমান লোকে যদি মলাইকাৰ ফটো খনৰ প্ৰসাধনক লৈ প্ৰশংসা কৰিছে তেন্তে আন‌ বহু লোকে ফটো খনৰ ট্ৰ'ল কৰিছে।

কিছুমানে কৈছে যে ," আপোনাৰ মুখত প্ৰসাধন আছেনে প্ৰসাধনৰ ওপৰত আপুনি?"কিছুমানে লোকে কয় যে প্ৰসাধন নকৰিলে মলাইকা বেছি ধুনীয়া দেখি।

দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন কাৰণত অভিনেতা অভিনেত্ৰী সকল ট্ৰ'লৰ সন্মুখীন হয়। কোনোবাই যদি কাপোৰৰ বাবে ট্ৰ'ল হৈছে আন কোনোবাই প্ৰসাধনৰ বাবে ।‌ তদুপৰি কিছুদিন পূৰ্বে ৰাণু মণ্ডলো অত্যাধিক প্ৰসাধনৰ বাবে চৰ্চালৈ আহিছিল। লগতে বহু ধৰণৰ পোষ্টো শ্বেয়াৰ কৰা হৈছিল ।

ছ'চিয়েল মিডিয়া এখন এনেকুৱা স্থান য'ত সকলো মানুহে বিনা দিদ্বাই নিজৰ মতামত প্ৰকাশ কৰে । ছ'চিয়েল মিডিয়াৰ বাবে যদি কেতিয়াবা কোনো জনপ্ৰিয় হৈছে তেন্তে আন কিছুমান ট্ৰ'ল হৈছে ।বিশেষকৈ বলিউডৰ‌ অভিনেতা অভিনেত্ৰী সকল বেছিকৈ চৰ্চালৈ অহা দেখা যায় ।

অন্য খবৰৰ বাবে পঢ়ক: কৰীণা কাপুৰ‌ আৰু ছৈয়ফ আলী খানৰ বিয়াৰ আগৰ এক ৰহস্য আহিল পোহৰলৈ

ভিডিঅ প্ৰতক্ষ্য কৰক: Constitution Day observed in Guwahati

Next Story
চাকৰি