Begin typing your search above and press return to search.

 কৰীণা কাপুৰ‌ আৰু ছৈয়ফ আলী খানৰ বিয়াৰ  আগৰ এক ৰহস্য আহিল পোহৰলৈ

 কৰীণা কাপুৰ‌ আৰু ছৈয়ফ আলী খানৰ বিয়াৰ  আগৰ এক ৰহস্য আহিল পোহৰলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2019 11:22 AM GMT

কৰীণা কাপুৰ‌ আৰু ছৈয়ফ আলী খানৰ বিয়াৰ আগৰ এক ৰহস্য আহিল পোহৰলৈ । জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ‌ আৰু অভিনেতা ছৈয়ফ আলী খানৰ বিয়াৰ প্ৰায় সাত বছৰ পূৰ্ণ হ'ল । বিয়াৰ সাত বছৰ পিছত দুয়োগৰাকী অভিনেতাৰ‌ বিয়াৰ এক ৰহস্য পোহৰলৈ আহিল । বিয়াৰ পিছৰ পৰাই এই দুই গৰাকী তাৰকাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰু বেছি মজবুত হোৱা দেখা যায়। ২০১২ চনত কৰীণা কাপুৰে তেওঁতকৈ ১০ বছৰীয়া ডাঙৰ ছৈয়ফ আলি খানৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। কৰীণা আৰু ছৈয়ফ আলী খানৰ বিয়া সম্পৰ্কে বিশেষ একো খবৰ বাহিৰ ওলোৱা নাছিল যদিও এতিয়া ছৈয়ফ আলি খান আৰু কৰীণা কাপুৰৰ বিয়াৰ ৰহস্য পোহৰলৈ আহিছে । এই কথাটো তেতিয়াৰ হয় যেতিয়া দুই গৰাকী অভিনেতাই বিবাহৰ পূৰ্বে প্ৰেমৰ সম্পৰ্কত আছিল।

কৰীণা কাপুৰে এই কথাটো এক সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ কৰে । সংবাদ মাধ্যমৰ সূত্ৰই কোৱা অনুসৰি কৰীণাই সংবাদ মাধ্যমৰ আগত কয় যে ছৈয়ফে কৰীণাক মাত্ৰ এবাৰ নহয়, দুবাৰকৈ বিয়াৰ প্ৰস্তাব দিছিল । লগতে কয় যে ছৈয়ফে কৰীণাক গ্ৰীচ আৰু লণ্ডনত দুবাৰকৈ বিয়াৰ প্ৰস্তাৱ দিছিল ।

তাৰ পিছতেই কৰীণাই কয়‌ যে ছৈয়ফ আলী খানৰ সৈতে বিয়াৰ সিদ্ধান্ত তেওঁৰ জীৱনৰ সকলোতকৈ ডাঙৰ তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল । বিয়াৰ সাত বছৰ পিছতো ছৈয়ফ আলী খান আৰু কৰীণা কাপুৰৰ সম্পৰ্কক লৈ কোনো ধৰনৰ বিতৰ্ক পোহৰলৈ অহা নাই ।

উল্লেখযোগ্য যে ছৈয়ফ আলি খান আৰু অমৃতা সিঙৰ মাজত ২০০৪ চনত বিবাহ বিচ্ছেদ হৈছিল। ছৈয়ফ আলি খান‌ আৰু অমৃতা সিঙৰ ইব্ৰাহিম আৰু চাৰা আলী খান নামৰ সন্তানো আছে ।

তদুপৰি ছৈয়ফ আলী খান আৰু কৰীণা কাপুৰৰ সন্তান টাইমুৰ খান প্ৰায়ে চৰ্চালৈ অহা দেখা যায়। কনমানি টাইমুৰ সকলোৰে প্ৰিয় । বিভিন্ন সময়ত টাইমুৰৰ বিভিন্ন ধৰণৰ ফটো ভিডিঅ' আদিয়ে ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হোৱা দেখা যায়।

তদুপৰি কিছুদিনৰ পৰা কৰীণা কাপুৰে তেওঁৰ আহিবলগীয়া ছবি গুড নিউজৰ প্ৰচাৰত ব্যস্ত হৈ আছে । এই ছবি খন ২৭ ডিচেম্বৰত মুক্তি লাভ কৰিব । আনহাতে ছৈয়ফ আলী খনে তেওঁৰ আহিবলগীয়া নতুন ছবি জৱানি জানেমনৰ কামত ব্যস্ত হৈ আছে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰণবীৰ সিংৰ দৰে কাপোৰ পিন্ধি ট্ৰ’ল হ’ল বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী

ভিডিঅ প্ৰতক্ষ্য কৰক: Constitution Day observed in Guwahati

Next Story
চাকৰি