Begin typing your search above and press return to search.

ৰণবীৰ সিংৰ দৰে কাপোৰ পিন্ধি ট্ৰ'ল হ'ল বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী

ৰণবীৰ সিংৰ দৰে কাপোৰ পিন্ধি ট্ৰল হল বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2019 1:27 PM GMT

ৰণবীৰ সিংৰ দৰে কাপোৰ পিন্ধি ট্ৰ'ল হ'ল বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী ।‌ ৰাণী মুখাৰ্জীয়ে তেওঁৰ আহিবলগীয়া ছবি মৰ্দানীৰ প্ৰমোচনত ব্যস্ত‌‌ হৈ আছে । এই সময়চোৱাত বিভিন্ন ধৰণৰ সাজ পোচাকত দেখা গৈছে ৰাণী মুখাৰ্জীক ।

ৰণবীৰ সিঙক প্ৰায়ে কিছুমান আজৱ কাপোৰ পৰিধান কৰা দেখা যায় । ৰণবীৰ কাপুৰ বিভিন্ন ধৰণৰ কাপোৰৰ বাবে ছ'চিয়েল মিডিয়াত চৰ্চাত থাকে । কেতিয়াবা দেখা যায় যে ৰণবীৰে মহিলা ফেশ্বনৰ কাপোৰ পৰিধান কৰে।

এয়া প্ৰথম বাৰৰ বাবে হৈছে যে এগৰাকী অভিনেত্ৰী কাপোৰক লৈ ট্ৰ'ল হৈছে। এই গৰাকী অভিনেত্ৰী হ'ল ৰাণী মুখাৰ্জী ।

বহু সময়ত দেখা যায় যে অভিনেতা অভিনেত্ৰী সকলে বিভিন্ন ধৰণৰ সাজ পোচাক পৰিধান কৰে। এইবাৰ এনেকুৱা কাপোৰ পৰিধান কৰিছে ৰাণী মুখাৰ্জীয়ে । মৰ্দানীৰ প্ৰমোচনৰ সময়ত তেওঁ ডিজাইনৰ সব্যসাচীৰ চেলৱাৰ কামিজ পৰিধান কৰিছে । ফটো‌ খন সব্যসাচীয়ে নিজৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

কিন্তু যেতিয়াই মানুহে ৰাণী মুখাৰ্জীক দেখে লগে লগে ৰণবীৰ সিংৰ কাপোৰৰ কথা উল্লেখ কৰে। যি ৰণবীৰ সিঙে তেওঁৰ বিবাহ বাৰ্ষিকীত পৰিধান কৰিছিল। ৰণবীৰ আৰু দিপীকা পাডুকন তেওঁলোকৰ বিবাহ বাৰ্ষিকী উপলক্ষে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত উপস্থিত হৈছিল আৰু সেই সময়তে ফটো শ্বেয়াৰ কৰিছিল । ৰণবীৰ সিঙৰ সেই ফটো খনত পৰিধান কৰা কাপোৰৰ লগত মিল আছে ৰাণী মুখাৰ্জীয়ে পৰিধান কৰা কাপোৰৰ ।

বহু লোকে ফটো খনত মন্তব্য প্ৰকাশ কৰিছে । কিছুমানে কৈছে যে এয়াটো ৰণবীৰ সিংৰ কাপোৰ , তেন্তে আন কিছুমানে কৈছে এয়াটো ৰণবীৰে বিবাহ বাৰ্ষিকীত পৰিধান কৰিছিল। তদুপৰি আন কিছুমানে কৈছে যে এনেকুৱা কাপোৰ যি কোনো ধৰনৰ দোকানত পোৱা যাব । এনেদৰে বিভিন্ন জনে বিভিন্ন ধৰণে ৰাণী মুখাৰ্জীয়ে পৰিধান কৰা কাপোৰৰ বাবে অভিনেত্ৰী গৰাকীক ট্ৰ'ল কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰণবীৰ আৰু আলিয়াৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ কাহিনী প্ৰকাশ,কি হয় ছবি খনৰ কাহিনী?

ভিডিঅ প্ৰতক্ষ্য কৰক: Leopard enters house in Assam-Meghalaya Border, sparks panic among public

Next Story
চাকৰি