Begin typing your search above and press return to search.

ৰণবীৰ আৰু আলিয়াৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ কাহিনী প্ৰকাশ,কি হয় ছবি খনৰ কাহিনী?

ৰণবীৰ আৰু আলিয়াৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ কাহিনী প্ৰকাশ,কি হয় ছবি খনৰ কাহিনী?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2019 11:18 AM GMT

ৰণবীৰ আৰু আলিয়াৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ কাহিনী প্ৰকাশ,কি হয় ছবি খনৰ কাহিনী? আলিয়া ভট আৰু ৰণবীৰ কাপুৰৰ নতুন আহিবলগীয়া ছবি ব্ৰহ্মাস্ত্ৰ । আহিবলগীয়া এই ছবিখন ইতিমধ্যে যথেষ্ট চৰ্চাত আছে । এই ছবি খনৰ লগত জড়িত এটি বাতৰি প্ৰকাশ পাইছে যে ছবি খনৰ মুক্তিৰ পূৰ্বে ছবি খনৰ কাহিনী প্ৰকাশ পাইছে ।

জানিব পৰা মতে এই ছবিখনত আলিয়া ভট আৰু ৰণবীৰ কাপুৰৰ উপৰিও অমিতাভ বচ্চন , নাগাৰ্জুন আৰু মোনি ৰয়কো দেখা যাব ।

এই ছবি খনৰ নিৰ্মাতা কৰণ জোহাৰ । কিছুদিনৰ পৰা চৰ্চালৈ আহিছে ছবি খনৰ কাহিনী। জানিব পৰা মতে ছবি খনত এনেকুৱা এটা চৰিত্ৰ আছে যাৰ ওচৰত আলৌকিক শক্তি আছে ।

সূত্ৰ অনুসৰি জানিব পৰা মতে ছবি খনত আলিয়া ইছা হ'ব । ইছাই ছবি খনত নিজৰ হাতেৰেই জুই উলিওৱা দেখা যাব । তদুপৰি ছবি খনত ৰণবীৰ কাপুৰক এজন প্ৰত্নতাত্বিক হিচাপে দেখা যাব । ছবি খনত ৰণবীৰ কাপুৰৰ মূল উদ্দেশ্য হ'ল বৰণাসী বহু বছৰ পুৰণি মন্দিৰটো জীৱিত কৰা । এই ছবিখনত মহানায়ক অমিতাভ বচ্চন ৰণবীৰ কাপুৰৰ গুৰু ৰূপত দেখা যাব । ছবি খনত ৰণবীৰ কাপুৰৰ নাম শিৱ হ'ব যিয়ে ব্ৰহ্মাস্ত্ৰৰ সন্ধান কৰিব ।

ছবি খনৰ প্ৰথম ভাগত দেখা যাব যে শিব ই নিজৰ আলৌকিক শক্তি সম্পৰ্কে জ্ঞাত নহয়। কিন্তু সকলোৱে তেওঁক সেই সম্পৰ্কে মনত পেলাবলৈ চেষ্টা চলাই থাকে । ছবি খনত মোনি ৰয় আৰু সোৰভ গুৰ্জৰক ভিলেইনৰ ৰূপত দেখা যাব। তেওঁলোকেও ব্ৰহ্মাস্ত্ৰৰ সন্ধানতে থাকিব যাতে তেওঁলোকে পৃথিৱীৰ অন্যায় সাধন কৰিব পাৰে ।

ছবি খনত ভাল‌ শক্তি আৰু বেয়া শক্তি দুয়োটাই এটাই আনটোৰ বিৰুদ্ধে যুঁজ দিব । ছবি খনৰ দক্ষিন ছবি জগতৰ তাৰকা নাগাৰ্জুনকো দেখা যাব ।

জানিব পৰা মতে আগন্তুক বৰ্ষৰ মে' মাহত ছবি খনে মুক্তি লাভ কৰিব।

অন্য খবৰৰ বাবে পঢ়ক: ৰাম মন্দিৰৰ ওপৰত ছবি নিৰ্মাণ কৰিব কংগনা ৰাণাৱতে , কি হ’ব ছবিৰ নাম

ভিডিঅ প্ৰতক্ষ্য কৰক: Leopard enters house in Assam-Meghalaya Border, sparks panic among public

Next Story
চাকৰি