Begin typing your search above and press return to search.

ৰাম মন্দিৰৰ ওপৰত ছবি নিৰ্মাণ কৰিব কংগনা ৰাণাৱতে , কি হ'ব ছবিৰ নাম

ৰাম মন্দিৰৰ ওপৰত ছবি নিৰ্মাণ কৰিব কংগনা ৰাণাৱতে , কি হব ছবিৰ নাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2019 11:09 AM GMT

ৰাম মন্দিৰৰ ওপৰত ছবি নিৰ্মাণ কৰিব কংগনা ৰাণাৱতে , কি হ'ব ছবিৰ নাম । কংগনা ৰাণাৱত এটি অতি জনপ্ৰিয় নাম । নিজৰ অভিনয়েৰে ছবি জগতত শীৰ্ষ স্থান লাভ কৰি আহিছে ।‌ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাল ছবি ৰাইজক উপহাৰ দিছে এইগৰাকী অভিনেত্ৰীয়ে।

তদুপৰি বৰ্তমান এই গৰাকী অভিনেত্ৰী তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিবংগত জয়ললিতাৰ বায়'পিক থলাইব প্ৰস্তুতিৰ কামত ব্যস্ত আছে । এই ছবি খনৰ পোষ্টাৰ ইতিমধ্যে প্ৰকাশ পাইছে , য'ত কংগনাক জয়ললিতাৰ চৰিত্ৰত দেখা গৈছে।

https://www.instagram.com/p/B5NEoOOFZXM/?utm_source=ig_web_copy_link

অভিনয়ৰ পিছতে এইবাৰ কংগনা ৰাণাৱত ছবি নিৰ্মাণৰ ক্ষেত্ৰতো নিজৰ নাম উজ্বলাব বিচাৰিছে । এই কথাৰ ঘোষনা কৰে মুম্বাইত অনুষ্ঠিত হোৱা এক সাক্ষাৎকাৰত। লগতে কয় যে ছবি নিৰ্মাতা হিচাপে তেওঁৰ প্ৰথম খন ছবি অযোধ্যাৰ ওপৰত আধাৰিত হ'ব । যাৰ নাম হ'ব " অপৰাজিত অযোধ্যা " ।

সাক্ষাৎকাৰত কংগনা ৰাণাৱতে ছবি খনৰ নাম উল্লেখ কৰাৰ উপৰিও কি কাৰণে তেওঁ ছবি খন নিৰ্মান কৰিব সেই বিষয়েও উল্লেখ কৰে ।‌ কংগনা ৰাণাৱতে কয় যে ৰাম মন্দিৰ এটি বহু বছৰৰ পুৰণি গোচৰ । এই গোচৰ নিষ্পত্তিৰ‌‌ ক্ষেত্ৰত বহু জটিলতা সৃষ্টি হৈছিল । এই গোচৰে ভাৰতীয় ৰাজনীতিৰ স্বৰূপ সলনি কৰি দিছে। এই গোচৰৰ ৰায়ে বহু বছৰ পুৰণি বিবাদৰ অন্ত পেলায় ।

জানিব পৰা মতে কংগনা ৰাণাৱতে নিৰ্মান কৰিব লগীয়া ছবি অপৰাজিত অযোধ্যাৰ কথা লিখিব বাহুৱলীৰ লেখক বিজেয়েন্দ্ৰ প্ৰসাদে ।

তদুপৰি কংগনা ৰাণাৱতৰ আহিব লগীয়া ছবি থলাইব ২০২০ চনৰ ২৬ জুনত মুক্তি লাভ কৰিব । তদুপৰি কংগনা ৰাণাৱতক পংগা নামৰ ছবি খনতো দেখা যাব ।

অন্য খবৰৰ বাবে পঢ়ক: ১৫ দিনত আয়ুস্মান খুৰানাৰ ছবি বালাৰ আয় ১০০ কোটি টকা অতিক্ৰম

ভিডিঅ প্ৰতক্ষ্য কৰক: Car lifting gang busted in Lumding, One Arrested

Next Story
চাকৰি