Begin typing your search above and press return to search.

১৫ দিনত আয়ুস্মান খুৰানাৰ ছবি বালাৰ আয় ১০০ কোটি টকা অতিক্ৰম

১৫ দিনত আয়ুস্মান খুৰানাৰ ছবি বালাৰ আয় ১০০ কোটি টকা অতিক্ৰম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2019 11:01 AM GMT

১৫ দিনত আয়ুস্মান খুৰানাৰ ছবি বালাৰ আয় ১০০ কোটি টকা অতিক্ৰম । আয়ুস্মান‌ খুৰানা বলিউড জগতৰ এটি জনপ্ৰিয় নাম ।‌ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানাক তেওঁৰ ছবি বোৰত সদায় কিছু ব্যতিক্ৰমী চৰিত্ৰত জনা যায় । কিছুদিন পূৰ্বে অৰ্থাৎ ৮ নৱেম্বৰ তাৰিখে মুকলি হৈছিল আয়ুস্মান খুৰানাৰ নতুন ছবি বালা । এই ছবি খনতো আয়ুস্মান খুৰানাই এক বিশেষ খলকনিৰ সৃষ্টি কৰিছে। এইবাৰ আয়ুস্মান খুৰানাৰ ছবি বালাই বক্স অফিচত এক বৃহৎ অংকৰ আয় কৰিছে । ছবি খনে বক্স অফিচত ১৫ দিন সম্পূৰ্ণ কৰিলে । বালা ছবি খনে ১৫ দিনত বক্স অফিচত ১০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে । অৱশ্যে এই ছবি খন মুক্তি লাভৰ আগত কপি ৰাইটক লৈ বিতৰ্কৰ মাজতো আহিছিল। কিন্তু ছবি খন মুক্তিৰ পিছত দৰ্শকৰ যথেষ্ট খিনি জনপ্ৰিয়তা লাভ কৰিছে ।

https://twitter.com/ayushmannk/status/1197872853162422273

বালা ছবি খনত আয়ুস্মান খুৰানা , ভূমি পেডানকাৰ , আৰু য়ামী গৌতমে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । বালা ছবি খন মুক্তিৰ প্ৰথম দিনাই ১০.১৫ কোটি টকাৰ উপাৰ্জন কৰিছিল। শুকুৰবাৰে বালা ছবি খনে ১.৩৫ কোটি টকা উপাৰ্জন কৰে । তাৰ পিছতেই শনিবাৰ আৰু ৰবিবাৰে ১৫.৭৩ কোটি আৰু ১৮.০৭ কোটি টকাৰ উপাৰ্জন কৰে। মুক্তিৰ প্ৰথম সপ্তাহতে ছবি খনে ৭২ কোটি টকাৰ উপাৰ্জন কৰে।‌ ছবি খন মুক্তিৰ ১৫ দিন পিছত ইয়াৰ উপাৰ্জন ১০০.১৫ কোটি টকা‌ হয় । তদুপৰি অভিলেখৰ কথা কব গ'লে সৰ্বাধিক উপাৰ্জনৰ ক্ষেত্ৰত বালা ১৫ নম্বৰ স্থানত আছে ।

ইয়াৰ আগতে মুক্তি লাভ কৰা আয়ুস্মান খুৰানাৰ ছবি ড্ৰিম গাৰ্ল ও ১০০ কোটি উপাৰ্জনৰ তালিকাত আছে ।

"ৱালা"ৰ নিৰ্দেশনা কৰিছে অমৰ কৌশিকে । এই ছবি খনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আয়ুস্মান খুৰানাক তপা হিচাপে দেখা গৈছে । আনহাতে এই ছবিখনত ভূমি পেডনেকৰ আৰু য়ামী গৌতমে ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব । তপা হোৱা বাবে অৰ্থাৎ মুৰত চুলি নথকা বাবে তেওঁ নিজৰ জীৱনত বহু কঠিনতাৰ সন্মুখীন হ'ব লগীয়া হয় । ইয়াৰ ওপৰত ভিত্তি কৰিয়ে এই ছবি খনৰ নিৰ্মাণ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: এমাহ দিনে ৰাতিয়ে চিন্তা কৰি বালা লাভ কৰিছিল বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই

ভিডিঅ প্ৰতক্ষ্য কৰক: Leopard caged at Hulunghabi Tea Estate in Digboi

Next Story
চাকৰি