Begin typing your search above and press return to search.

এমাহ দিনে ৰাতিয়ে চিন্তা কৰি বালা লাভ কৰিছিল বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই

এমাহ দিনে ৰাতিয়ে চিন্তা কৰি বালা লাভ কৰিছিল বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2019 1:22 PM GMT

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাৰ ছবি বালা মুক্তি পাব ৭ নবেম্বৰত ৷ ছবি খনক লৈ সকলোৰে মাজত চৰ্চা অব্যাহত আছে ৷ কিন্তু আপুনি জানেনে এই ছবি খনে "বালা" নামটো কেনেকৈ পাইছিল ৷ ইয়াৰ বিষয়ে অভিনেতা আয়ুস্মান খুৰানাৰ এটা সাক্ষাৎকাৰত ইয়াৰ বিষয়ে মন্তব্য কৰিছে ৷ আয়ুস্মানে কয় যে ছবিখনৰ নামৰ ক্ষেত্ৰত আমি নিজকে ভাগ্যবান বুলি ভাবো ৷

কাৰণ মোৰ মনত আছে আমি এই ছবিখনৰ নামক লৈ সকলোৱে চৰ্চা কৰি আছিলো ৷কাৰণ আমাক সকলোকে এটা সৰু আৰু ধেমেলীয়া নামৰ প্ৰয়োজন হৈছিল ৷ইয়াৰ পিছতে মই প্ৰত্যক দিনে আৰু ৰাতিয়ে ছবিখনৰ নামৰ বিষয়ে ভাবি থাকিলো আৰু শেষত মোৰ মনলৈ এই বালা নামটোৱেই আহিল ৷

ইয়াৰ পিছতেই মই ছবিখনৰ প্ৰযোজকক ফোন কৰিলো ।মই ক’লো যে মই এটা নাম ভাবি উলিয়াইছো । আৰু সেই নামটো হ’ল বালা ৷ আৰু মই যেতিয়া এই নামটো দিনেশক ক’লো তেওঁ বহুত হাঁহিলে ৷আৰু মোৰ তেতিয়াই বিশ্বাস হ’ল যে মই ভাল নামেই পালোঁ ৷ যিয়ে লোকসকলক হহুৱাঁব পাৰিব ৷আৰু এই নামটোক লৈ সকলোৰে প্ৰতিক্ৰিয়াও ইতিবাচক হিছাপে লাভ কৰিলো।

উল্লেখ্য যে বালা ছবিখন অমৰ কৌশিকে প্ৰযোজনা কৰিছে। ছবিখনে প্ৰথমতে বিতৰ্কৰ সৃষ্টি কৰিছিল। ছবিখনৰ এটি গীত শুক্ৰবাৰে মুক্তি লাভ কৰিছে ৷ গতিকে ছবি খনক লৈ আশাবাদী কলা কুশলীসকলৰ লগতে অনুৰাগী সকল ৷

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই অন্ধাধুনত নিজৰ সাৱলীল অভিনয়ৰ কাৰণে ৬৬ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছে ৷ এই পুৰস্কাৰ আয়ুস্মানে বলীউডৰ আন এজন অভিনেতা ৱিক্কী কৌশলৰ লগতে যৌথ ভাৱে গ্ৰহণ কৰিছে ৷ বিক্কী কৌশলে উৰি দ্য চাৰ্জিকেল ষ্টাইক ছবিৰ কাৰণে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিছে ৷

ইফালে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ পিছত আয়ুস্মান খুৰানাৰ আনন্দৰ যেন কোনো সীমা নাইকিয়া হৈছে ৷নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আয়ুস্মানে এটি কবিতাৰ জৰিয়তে মনৰ ভাব প্ৰকাশ কৰিছে ৷ কবিতাটিত আয়ুস্মানে প্ৰথমবাৰ মুম্বাইলৈ যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে সমস্ত জীৱনৰ অভিজ্ঞতাৰ বিৱৰণ দিছে ৷

কেনেকৈ ট্ৰেইনত উঠি মুম্বাইলৈ যাত্ৰা কৰিছিল,পিতৃৰ সেমেকা চকু,শংকা,জীৱন যাত্ৰাত লগ পোৱা তথা এৰি অহা বন্ধু,বিভিন্ন প্ৰত্যাহ্বানক নেওচি আগবাঢ়ি যোৱা,সফলতাৰ শিখৰত আগবাঢ়ি যাওঁতে পিছলি পৰা,কিন্তু প্ৰত্যাহ্বানক হেয় প্ৰতিপন্ন কৰি আগবাঢ়ি গৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা লৈকে এই সকলো ঘটনা এটি কবিতাৰ জৰিয়তে সাৱলীল ভাৱে উপস্থাপন কৰিছে ৷

আয়ুস্মান অন্য বিগত বৰ্ষত অহা আন এখন ছবি বাধাই হো য়েও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷বধাই হোয়ে সৰ্বশ্ৰেষ্ঠ এন্টাৰটেইনমেন্ট ছবিৰ খিতাপ লাভ কৰে । লগতে ছবি খনৰ এগৰাকী অভিনেত্ৰী সুৰেখা শ্ৰীকৰীক শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে ৷ গতিকে অন্ধাধুন আৰু বধাই হো ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ সন্দৰ্ভত আয়ুস্মানে কয় যে মই অত্যন্ত সুখী ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা : শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান “বুলবুল কেন সিং” লৈ: উৰি, আন্ধাধুনলৈ সন্মান

ভিডিঅ প্ৰতক্ষ্য কৰক: Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি