পৰ্যটন ক্ষেত্ৰলৈ অসম চৰকাৰৰ ৩০০ কোটি টকা প্ৰদান

পৰ্যটন ক্ষেত্ৰলৈ অসম চৰকাৰৰ ৩০০ কোটি টকা প্ৰদান

অসম চৰকাৰে পৰ্যটন বিভাগৰ সামগ্ৰিক উন্নয়নৰ কাৰণে ৩০০ কোটি টকা মোকলাই দিছে ৷ এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ পৰ্যটন বিভাগক ৩০০ কোটি দিয়াৰ সন্দৰ্ভত টুইটাৰ যোগে প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্যক্ত কৰে যে অসমৰ বাজেট ২০১৯ ৰ জৰিয়তে পৰ্যটন বিভাগৰ কাৰণে ৩০০ কোটি টকা মোকলাই দিয়া হৈছে ৷

https://twitter.com/CMOfficeAssam/status/1160245792516390913

ৰাজ্যৰ পৰ্যটন বিভাগৰ সামগ্ৰিক বিকাশৰ কাৰণে মোকলাই দিয়া হৈছে এই বৃহৎ পৰিমাণৰ ধন ৰাশি । উল্লেখ্য যে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছিল যে পৰ্যটনৰ ক্ষেত্ৰত বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ লগত থকা অসম চৰকাৰৰ বুজাবুজি সম্প্ৰতি অন্ত পৰিছে ৷ প্ৰিয়াংকা চোপ্ৰাক দুবছৰৰ কাৰণে অসমৰ পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ হিছাপে লোৱা হৈছিল ৷ইফালে, ২০১৬ চনৰ ১৯ ডিচেম্বৰৰ পৰা প্ৰিয়াংকা চোপ্ৰাৰ লগত পৰ্যটন বিভাগৰ বুজা বুজি আৰম্ভ হৈছিল ৷

আনহাতে চলিত বৰ্ষৰ অসমত হোৱা প্ৰলয়ংকাৰী বানত পৰ্যটন বিভাগৰ প্ৰাক্তন এম্বেচাদৰ হিছাপে প্ৰিয়াংকা চোপ্ৰাৰ ৰাজ্যৰ খনৰ বানপীড়িত সকলৰ প্ৰতি যি সক্ৰিয় ভূমিকা হ’ব লাগিছিল ৷সেয়া হৈ নুঠিল ৷যাৰ কাৰণে ক্ষোভিত হৈ পৰে ৰাজ্যবাসী ৷ইয়াৰ বিপৰীতে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্ত সকলক উদ্দেশ্য কৰি মিশ্যন মংগলৰ প্ৰমোশ্যনত এটি বিশেষ বাৰ্তা দিছিল ৷যিয়ে চুই গৈছিল ৰাজ্য বাসীৰ লগতে দেশ বাসীৰ হৃদয় ৷ আৰু ইয়াৰ পিছতে বানাক্ৰান্তলৈ অসমৰ লগতে দেশৰ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াই ৷

অক্ষয় কুমাৰ বিশ্বৰ সৰ্বোচ্চ পেইড চেলিব্ৰেটিৰ ফৰ্বচৰ তালিকাৰ অন্যতম । অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰা হৈছে । ইয়াৰ সম্পৰ্কে অক্ষয় কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰিছে ।

বিভিন্ন সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে প্ৰয়োজন সাপেক্ষে প্ৰদান কৰা পৰিলক্ষিত হয় । উৰিষ্যাৰ ঘূৰ্ণি বতাহৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১ কোটি টকা প্ৰদান কৰিছিল । এনে উদাহৰণ আৰু বহুতো আছে।

টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

ভিডিঅ প্ৰতক্ষ্য কৰক: Two illegal saw mills seized in Kampur

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com