প্ৰিয়ংকা এতিয়া অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়:পৰবৰ্তী বেণ্ড এম্বেচাদৰ অক্ষয় হব নেকি?

প্ৰিয়ংকা এতিয়া অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়:পৰবৰ্তী বেণ্ড এম্বেচাদৰ অক্ষয় হব নেকি?

প্ৰিয়ংকা চোপ্ৰাৰ এতিয়া অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় । এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ১৬ জুলাইত টুইটাৰযোগে প্ৰকাশ কৰে যে, প্ৰিয়ংকা চোপ্ৰা অসম চৰকাৰৰ সৈতে নাই । প্ৰিয়ংকা চোপ্ৰাৰ সৈতে থকা চুক্তিৰ ইতিমধ্যে ম্যাদ উকলি গৈছে ।

https://twitter.com/himantabiswa/status/1151070374718664704?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1151108752432496642&ref_url=https%3A%2F%2Fwww.time8.in%2Fpriyanka-chopra-is-no-longer-tourism-brand-ambassador-of-assam-himanta-tweets%2F

২০১৬ চনৰ ১৯ ডিচেম্বৰত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল । প্ৰিয়ংকা চোপ্ৰাৰ সৈতে থকা চুক্তি বিনামূলীয়া আছিল । কেৱল চুটিঙৰ সময়ত প্ৰিয়ংকা চোপ্ৰাক অৰ্থ দিব লাগিব ।

উল্লেখযোগ্য যে যি সময়ত সমগ্ৰ ৰাজ্যজুৰি বানপানী কৱলত তেনে সময়তে প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাই সকলোকে । সেই সময়তে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰিয়ংকা চোপ্ৰাৰ অসম পৰ্যটন বিভাগৰ লগত থকা চুক্তিৰ ম্যাদ উকলি বুলি প্ৰকাশ কৰে আৰু বৰ্তমান প্ৰিয়ংকা চোপ্ৰা অসম পৰ্যটন ব্ৰেণ্ড এম্বেচাদৰ নহয় বুলি প্ৰকাশ কৰে।

২০১৬ চনৰ ১৯ ডিচেম্বৰত প্ৰিয়ংকা চোপ্ৰায়ে " অচম আচাম " ৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল ।

২০১৭ চনত অসম পৰ্যটন বিভাগৰ অসম এশিঙীয়া গড় , চাহ বাগিছা আৰু ব্ৰহ্মপুত্ৰক বিশ্বৰ দৰবাৰত বিখ্যাত কৰিবলৈ অচম আচামৰ হৈ প্ৰসাৰিত কৰিবলৈ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল প্ৰিয়ংকা চোপ্ৰাক|

ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে অসমৰ বানাক্ৰান্তৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰিলে অসমৰ পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ৷ লগতে অসমৰ বানাক্ৰান্ত লোকসকললৈ সকলোকে সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান কৰে অভিনেত্ৰীগৰাকীয়ে ৷

https://twitter.com/priyankachopra/status/1151350203682705409

অভিনেত্ৰী প্ৰিয়াংকাই টুইটাৰ যোগে অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দুখ ব্যক্ত কৰে ৷ লগতে অসমৰ বানত প্ৰাণ হানি হোৱা লোকসকলৰ ক্ষেত্ৰতো দুখ প্ৰকাশ কৰে প্ৰিয়াংকাই ৷ লগতে বানাক্ৰান্ত লোকসকলৰ জীৱন সুৰক্ষিত কৰাৰ কাৰণে প্ৰাৰ্থনা কৰে। আৰু অসমত বানাক্ৰান্ত সকলৰ সকাহৰ কাৰণে সকলোকে সহায়ৰ কৰাৰ কাৰনে আহ্বান জনায়।

কিন্তু এতিয়া চৰ্চা হৈছে পৰবৰ্তী অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ কোন হব? অসমৰ এনে দুৰ্যোগৰ সময়ত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰতেক্যলৈ ১ কোটিকৈ সাহাৰ্য্য আগবঢ়াই । কেৱল সিমানেই নহয় কমেন্টত So sad লিখাৰ পৰিবৰ্তে যিমান পাৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে বলীউডৰ অভিনেতা গৰাকীয়ে। সেয়েহে পৰবৰ্তী অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ অক্ষয় কুমাৰে হোৱাৰ ইংগিত বহন কৰিছে নেকি ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com