ৰাজ্যৰ বানপীড়িতক সহায়ৰ কাৰণে আহ্বান পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

ৰাজ্যৰ বানপীড়িতক সহায়ৰ কাৰণে আহ্বান পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে অসমৰ বানাক্ৰান্তৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰিলে অসমৰ পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ৷ লগতে অসমৰ বানাক্ৰান্ত লোকসকললৈ সকলোকে সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান কৰে অভিনেত্ৰীগৰাকীয়ে ৷

আজি অভিনেত্ৰী প্ৰিয়াংকাই টুইটাৰ যোগে অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত দুখ ব্যক্ত কৰে ৷ লগতে অসমৰ বানত প্ৰাণ হানি হোৱা লোকসকলৰ ক্ষেত্ৰতো দুখ প্ৰকাশ কৰে প্ৰিয়াংকাই ৷ লগতে বানাক্ৰান্ত লোকসকলৰ জীৱন সুৰক্ষিত কৰাৰ কাৰণে প্ৰাৰ্থনা কৰে। আৰু অসমত বানাক্ৰান্ত সকলৰ সকাহৰ কাৰণে সকলোকে সহায়ৰ কৰাৰ কাৰনে আহ্বান জনায়।

https://twitter.com/priyankachopra/status/1151350203682705409

ইফালে বিগত কিছুদিনৰ পৰা অসমত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷প্ৰায় ৩০ ৰ পৰা ৩৩ খন জিলাৰ গাঁও সম্প্ৰতি পানীৰ তলত ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এটি তথ্য অনুসৰি ৪,১৫৭ খন গাঁৱৰ প্ৰায় ৪২ লাখ লোক বানে প্ৰভাৱিত কৰিছে ৷ ইফালে প্ৰিয়াংকা চোপ্ৰা বিগত সময়ত অসমৰ বানৰ কাৰণে কোনো প্ৰতিক্ৰিয়া নকৰাক লৈ ট্ৰ’লৰ সন্মুখীন হৈছিল ৷

আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসেও ৰাজ্যৰ বানপৰিস্থিতিৰ কাৰণে প্ৰতিক্ৰিয়া কৰিছে ৷ লগতে জনসাধাৰণৰ সহযোগিতা বিছাৰিছে ৷ লগতে টুইটাৰ যোগে লিখে যে সম্প্ৰতি অসমৰ অৱস্থা সম্প্ৰতি অত্যন্ত শোচনীয় ৷৩০ ৰ পৰা ৩৩ খন জিলা বানে সম্প্ৰতি প্ৰভাৱিত কৰিছে। গতিকে অসমৰ এই অভাৱনীয় পৰিস্থিতিৰ সময়ত অসম কন্যা হিমা দাসে সকলোৰে সহযোগিতা বিছাৰিচে ।

https://twitter.com/HimaDas8/status/1151031705962196993

অসমৰ বানাক্ৰান্তলৈ কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বৰ্ষৰ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আধাৰত ২৫১.৫৫ কোটি টকা মোকলাই দিছে।বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ কাৰণে চৰকাৰে পথ,গৰাখহনীয়া,পুনৰ সংস্থাপন আদিৰ কাৰণে ধন মোকলাই দিয়ে।ইফালে অসমত প্ৰলয়ৰ সৃষ্টি কৰা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ৷

ৰাজ্যত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পিছত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে আকাশ মাৰ্গৰ পৰা ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷মন্ত্ৰীজনে অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তু,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ভৱেশ কলিতাকে ধৰি চৰকাৰী প্ৰতিনিধি সৈতে পৰ্যালোচনা কৰে। আনহাতে এছ ডি আৰ এফ আৰু এন ডি এৰ এফে উদ্ধাৰৰ বাবে নাও সাজু ৰাখিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com