Begin typing your search above and press return to search.

মুক্তিৰ দিন ধাৰ্য হ'ল "সত্যমেৱ জয়তে ২"-ৰ

এই ছবিত জনৰ উপৰি দেখিবলৈ পোৱা যাব মোহময়ী অভিনেত্ৰী দিব্যা খোচলাক এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত।

মুক্তিৰ দিন ধাৰ্য হল সত্যমেৱ জয়তে ২-ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Sep 2021 6:00 AM GMT

অৱশেষত মুক্তিৰ দিন ধাৰ্য হ'ল জন আব্ৰাহম অভিনীত ছবি "সত্যমেৱ জয়তে ২"ৰ। শেহতীয়াকৈ ছবিখনৰ নিৰ্মাতাই ঘোষণা কৰিছে যে এই ছবিয়ে ২৬ নৱেম্বৰ ,২০২১ত ছবিগৃহত মুক্তি পাব। মিলাপ জাৱেৰি পৰিচালিত এই ছবিত জনৰ উপৰি দেখিবলৈ পোৱা যাব মোহময়ী অভিনেত্ৰী দিব্যা খোচলাক এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত। মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ২২অক্টোবৰৰ পৰা ছবিগৃহ পুনৰ দৰ্শকৰ কাৰণে মুকলি কৰি দিয়া বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিৰ্মাতা সকলে এই দিন ধাৰ্য কৰিছে বুলি জানিবলৈ পোৱা গৈছে।

জন আব্ৰাহম অভিনীত এই ছবিক প্ৰথম অৱস্থাত চলমান খানৰ "ৰাধে"ৰ সৈতে একেলগে মুকলি কৰাৰ কথা আছিল। কিন্তু পৰবৰ্তী সময়ত মুকলিৰ দিন কিছু পিছুৱাই নিবলৈ ঠিৰাং কৰা হয়।

২০১৮ চনত মুক্তি লাভ কৰা "সত্যমেৱ জয়তে" কেৱল আৰক্ষী বিষয়াসকলৰ মাজত প্ৰচলিত ভ্ৰষ্টাচাৰ কেন্দ্ৰিক আছিল। কিন্তু ২২নৱেম্বৰত মুক্তি পাব লগীয়া ছবিখনৰ দ্বিতীয় ভাগত ভ্ৰষ্টাচাৰ কাহিনী মাত্ৰ পুলিচৰ মাজতে সীমাবদ্ধ নহৈ ৰাজনৈতিক দল, সাধাৰণ নাগৰিক সকলোকে সাঙুৰিব। "সত্যমেৱ জয়তে ২"ৰ কাহিনী দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে এখন যুঁজৰ।

আৰু পঢ়িব পাৰে ঃ অচিৰেই মুক্তি পাব প্ৰভাস, অক্ষয় কুমাৰ, ছৈফৰ নতুন ছবিয়ে

Next Story
চাকৰি