কবীৰ সিঙত কলেজীয়া ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰি ভয় খাইছিল বলীউডৰ অভিনেতা ছাহিদ কাপুৰে

কবীৰ সিঙত কলেজীয়া  ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰি ভয় খাইছিল বলীউডৰ অভিনেতা ছাহিদ কাপুৰে
Published on

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি কবীৰ সিঙৰ সন্দৰ্ভত অভিনেতা ছাহিদ কাপুৰে কয় যে ৩৮ বছৰ বয়সত কলেজীয়া ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ভয় কৰিছিল ৷ এক সাক্ষাতকাৰত ছাহিদ কাপুৰে কয় যি মোৰ ভয় লাগিছিল যে মোৰ সৰু ভাই,মোৰ পত্নী আৰু মোৰ ল’ৰা ছোৱালীয়ে ডাঙৰ হ’লে বা মোৰ ছবিখন চাই যদি মোক প্ৰশ্ন কৰে যে ৩৮ বছৰ বয়সত এই ছবিখনত অভিনয় কৰাৰ কি প্ৰয়োজন আছিল ৷তেতিয়া কি হ’ব?

ইয়াৰ মাজতে পত্নী মীৰা ৰাজপুতে ছাহিদ কাপুৰৰ এখন ফ’টো শ্বেয়াৰ কৰে। য’ত ছাহিদ কাপুৰৰ দুটা লুক দেখিবলৈ পোৱা গৈছে। লগতে মীৰাই লিখিছে যে ১৬ বছৰৰ প্ৰত্যাহ্বান ৷

https://www.instagram.com/p/Byp_XMnl9fX/

ইফালে ছাহিদ কাপুৰে কবীৰ সিঙত এগৰাকী মেডিকেল ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে ৷প্ৰেম,প্ৰতাৰণা,কান্দোনআদি বিভিন্ন কাহিনী প্ৰকাশ পাইছে কবীৰ সিঙত ৷

ইফালে শ্বাহিদ কাপুৰ আৰু কাইৰা আডৱানিৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছত অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছিল ৷ ছবিখনত শ্বাহিদ কাপুৰে কবীৰ সিঙৰ চৰিত্ৰত আৰু কাইৰা আডৱানিয়ে কবীৰ সিঙৰ প্ৰেমিকা প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ ট্ৰেইলৰটোৰ প্ৰথমতে শ্বাহিদ কাপুৰে সুৰা,ড্ৰাগছ খাই থকা দেখা পোৱা গৈছে ৷

এই চৰিত্ৰটোৱে চলচ্চিত্ৰ প্ৰেমীসকলে ৰোমন্থন কৰিব উড়তা পাঞ্জাৱক৷ ইফালে কবীৰ সিং এজন চিকিৎসা সেৱাৰ ছাত্ৰ ৷ প্ৰেমিকা প্ৰীতিৰ লগত বিচ্ছেদ হোৱাৰ পিছত সম্পূৰ্ণ পৰিৱৰ্তন হয় কবীৰ সিং ৷ কবীৰ সিং প্ৰীতি কাৰণে কেনেধৰণে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে দেখুওৱা হৈছে ৷ কবীৰ সিঙ সন্দৰ্ভত শ্বাহিদ কাপুৰে কয় যে ষ্টাৰ হিচাপে নহয় মই এজন অভিনেতা হিছাপে কাম কৰিছোঁ ৷ এই ছবিখন তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক ৷ অৰ্জুন ৰেড্ডীত অভিনয় কৰিছে বিজয় দেৱৰকোণ্ডাই ৷

ছবিখন ব্লক ব্লাষ্টাৰ হিছাপে পৰিগণিত হৈছিল ৷ ট্ৰেইলৰ লন্চ কৰি শ্বাহিদ কাপুৰে কয় যে ছবিখনৰ কাৰণে ওজন বৃদ্ধি কৰিছিল অভিনেতা গৰাকীয়ে ৷ ছবিখনত বহু দৃশ্য আছে য’ত মই এটি কোঠাত অকলে বঢ়ি থাকো,সুৰা পান কৰি থাকোঁ। এজন ষ্টাৰ হিছাপে এই দৃশ্যসমূহ কৰিবলৈ আপোচ লাগে যদিও সেই দৃশ্য সমূহত এগৰাকী অভিনেতা হিছাপে অভানয় কৰিছোঁ ৷

ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে ৷ টলীউডৰ অভিনেতা প্ৰভাস সম্প্ৰতি ব্যস্ত হৈ সাহুৰ দৃশ্যগ্ৰহণত ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com