Begin typing your search above and press return to search.

"স্কুইড গেমছ"ঃ ১ মাহত ৯০০ নিযুত টকা আয়

"স্কুইড গেমছ" হৈছে, নেটফ্লিক্সৰ জৰিয়তে মুক্তি পোৱা সবাটোতকৈ বৃহৎ ধাৰাবাহিক।

স্কুইড গেমছঃ  ১ মাহত ৯০০ নিযুত টকা আয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Oct 2021 9:33 AM GMT

নেটফ্লিক্সত শেহতীয়াকৈ মুকলি লাভ কৰা এখন ধাৰাবাহিক "স্কুইড গেমছ"য়ে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

বিধ্বংসী ক'ৰণাৰ আক্ৰমণৰ পাছৰে পৰা ছবিগৃহসমূহ অনিদিষ্ট কাললৈকে বন্ধ ৰখাৰ ঘোষণা কৰাৰ পাছৰে পৰা অ'. টি. টি. প্লেটফৰ্ম সমূহৰ চাহিদা দৰ্শকৰ মাজত প্ৰচুৰভাবে বৃদ্ধি পায়। আৰু ঠিক তেনে এক পৰিস্থিতিৰ সম্পূৰ্ণ লাভ উঠাবলৈ সক্ষম হৈছে দেশ - বিদেশৰ ভিন্ন চলচ্চিত্ৰ নিৰ্মাতাসকলে।

শেহতীয়াভাবে অ'. টি. টি. প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰে দক্ষিণ কোৰিয়াত নিৰ্মিত এখনি আমোদজনক ধাৰাবাহিকে। নাম - "স্কুইড গেমছ"। আৰু বৰ্তমানলৈকে গোটাবলৈ সক্ষম হোৱা তথ্য অনুসৰি "স্কুইড গেমছ" হৈছে, নেটফ্লিক্সৰ জৰিয়তে মুক্তি পোৱা সবাটোতকৈ বৃহৎ ধাৰাবাহিক। মুঠ ৯টা খুন্দি যোৰা এই ধাৰাবাহিক খনত বহুতো লোকক ৪৫.৬বিলিয়ন পুৰস্কাৰৰ বাবে, সৰুকালৰ ভিন্ন খেল খেলা দেখিবলৈ পোৱা যায়, যিসমূহত ঃ হাৰাৰ পৰিণাম অতিকৈ ভয়াবহ। মুক্তিৰ ১মাহ সম্পূৰ্ণ নকৰোতেই "স্কুইড গেমছ" ধাৰাবাহিকে পৃথিৱীৰ প্ৰায় সকলো দেশৰ দৰ্শকৰ মাজত নিজৰ চাপ এৰিবলৈ সক্ষম হৈছে।

তথ্য অনুসৰি সম্প্ৰচাৰ পোৱা ১মাহ সময়ৰ ভিতৰতে "স্কুইড গেমছে ৯০০নিয়ুত টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত ২৩দিনত প্ৰায় ১৩২নিযুত লোকে ধাৰাবাহিক খনৰ ২মিনিট দৃশ্যাংশ হ'লেও উপভোগ কৰিছে। আৰু ২৮দিনত সৰ্বমুঠ ৮২মিলিয়ন লোকে ইয়াক সম্পূৰ্ণৰূপে উপভোগ কৰিছে।


আৰু পঢ়িব পাৰেঃ ২২ সংখ্যক বিবাহ বাৰ্ষিকীত থ্ৰোবেক ফটো শ্বেয়াৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ

Next Story
চাকৰি