Begin typing your search above and press return to search.

নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ পৰা দৃশ্য উপভোগ কৰিছে সুহানা খানে

সুহানাই পোষ্ট কৰা শেহতীয়া ছবিখনত তেওঁক কেমেৰাৰ মুখামুখী হোৱাৰ সময়ত এখন ছোফাত শুই থকা দেখা গৈছে।

নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ পৰা দৃশ্য উপভোগ কৰিছে সুহানা খানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2021 8:19 AM GMT

মেগাষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খানে সম্প্ৰতি নিউয়ৰ্কত চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় শিক্ষাগ্ৰহণ কৰি আছে। সেই সূত্ৰে তেওঁ নিউয়ৰ্কৰ প্ৰাসাদোপম অট্টালিকাত বাস কৰে। শেহতীয়াভাবে সুহানাই সামাজিক মাধ্যমত নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোত তেওঁক তেওঁৰ নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ পৰা দৃশ্য উপভোগ কৰা দেখা গৈছে।

সুহানা খান নিউয়ৰ্কৰ প্ৰেমত পৰিছে। তেওঁ প্ৰায়ে নিউয়ৰ্কৰ ফটো শ্বেয়াৰ কৰে। শেহতীয়াকৈ সুহানাই নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ পৰা দৃশ্যটো উপভোগ কৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে।

সুহানাই আগৰ পোষ্টতো নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ ফটো শ্বেয়াৰ কৰে । এই ফটো আছিল সূৰ্যৰ সোণালী পোহৰত উদ্ভাসী উঠা এপাৰ্টমেণ্টৰ ফটো । সুহানাই পোষ্ট কৰা শেহতীয়া ছবিখনত তেওঁক কেমেৰাৰ মুখামুখী হোৱাৰ সময়ত এখন ছোফাত শুই থকা দেখা গৈছে। সুহানাই নিউয়ৰ্কৰ আকাশচুম্বী অট্টালিকা আৰু চহৰখনৰ ওপৰত ঘূৰি থকা ডাৱৰবোৰ চাই থকা দেখা গৈছে।


আৰু পঢ়িব পাৰেঃ গুৰুতৰভাবে অসুস্থ অভিনেতা অক্ষয় কুমাৰৰ মাতৃ

Next Story
চাকৰি