বলীউডৰ অভিনেত্ৰী তাৰা সুতাৰিয়াৰ এন্ট্ৰী ন’ এন্ট্ৰীৰ চিকুৱেলত

বলীউডৰ অভিনেত্ৰী তাৰা সুতাৰিয়াৰ এন্ট্ৰী ন’ এন্ট্ৰীৰ চিকুৱেলত
Published on

বলীউডৰ ছবি ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ জৰিয়তে পদাৰ্পন কৰা অভিনেত্ৰী তাৰা সুতাৰিয়া সম্প্ৰতি বিখ্যাত হৈ পৰিছে অনুৰাগীসকলৰ মাজত ৷ অভিনেত্ৰী গৰাকীয়ে ৰকুল প্ৰীত সিং আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ লগত মৰজাৱা ছবিৰ দৃশ্য গ্ৰহণ সমাপ্ত কৰিলে ৷ ছবিখন মুক্তি লাভ কৰিব ২ অক্টোবৰত ৷ অনতি পলমে তাৰা সুতাৰিয়াক সুনীল চেট্টীৰ পুত্ৰ আহান চেট্টীৰ লগত আৰ এক্স ১০০ ত দেখিবলৈ পোৱা যাব ৷

ইয়াৰ মাজতে পোৱা খৱৰ অনুসৰি তাৰাক বলীউডৰ ছবি ন’ এন্ট্ৰীৰ চিকুৱেলত দেখিবলৈ পোৱা যাব। কাৰণ এই সন্দৰ্ভত তাৰা ই ছবিখনৰ পৰিচালক অনীস বজমীৰ লগত সাক্ষাৎ কৰিছিল ৷ উল্লেখ্যযে,তাৰা সুতাৰিয়াৰ নাম সম্প্ৰতি সিদ্ধাৰ্থ মালহোত্ৰাৰ লগত জৰিত হৈ পৰিছে। অলপতে এই সন্দৰ্ভত তাৰাই মতামত প্ৰকাশ কৰে ৷ তাৰাই কয় যে সিদ্ধাৰ্থ মালহোত্ৰাৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাই যদিও তেওঁলোকৰ কেমেষ্ট্ৰী মন কৰিব লগীয়া। লগতে কয় মই সিদ্ধাৰ্থ মালহোত্ৰাৰ ওচৰ চুবুৰীয়া ৷গতিকে ওচৰ চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক থাকেই ৷গতিকে আমি কেৱল ভাল বন্ধু।

তাৰা চুতাৰিয়াই চলিত বৰ্ষত ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ জৰিয়তে আত্ম প্ৰকাশ কৰিছিল ৷ কিন্তু ছবিখনক দৰ্শকে আদৰি নল’লে ৷তাৰা চুতাৰিয়াৰ লগত অন্যন্যা পাণ্ডেই ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ জৰিয়তে বলীউডত আত্ম প্ৰকাশ কৰে। তাৰা চুতাৰিয়াই এক সাক্ষাৎকাৰত কৈছিল যে যেতিয়া তাৰাই ষ্টুডেন্ট অৱ দ্য ইয়েৰ চাবলৈ গৈছিল,তেতিয়া ছবি গৃহত দুগৰাকী যুৱতীয়ে তাৰাৰ অভিনয় সম্পৰ্কে ইতিকিং কৰে ৷

যদিও তাৰাই কোনো ধৰণৰ মন্তব্য কৰে আৰু যুৱতী দুগৰাকী কমেন্ট দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে ডিজিনী চেনেলত এগৰাকী ভিডিঅ’ জকী হিছাপে কেৰিয়াৰ আৰম্ভ কৰা তাৰা এগৰাকী সংগীত শিল্পী ৷লগতে তাৰাৰ লণ্ডন,টকীয়া,মুম্বাইৰ বিভিন্ন অঞ্চলত নিজৰ অনুষ্ঠান প্ৰদৰ্শণ কৰে ৷

ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ অভিনেত্ৰী তাৰা চুতাৰিয়াই কয় যে জৱানী হ্যে দিৱানী গীতটি হৈছে চিৰ সেউজ গীত। মোৰ দেউতাৰ অত্যন্ত প্ৰিয় গীতটি । আৰু মই এই গীতটিত নৃত্য কৰিবলৈ পাইছো ৷ অন্যহাতে ষ্টুডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনৰ ট্ৰেইলৰট মুক্তি পোৱাৰ পিছতে জনসাধাৰণৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল ।

ট্ৰেইলৰটোত টাইগাৰ শ্ৰফ,অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াক অতি আকৰ্ষণীয় লাগিছে। পুনীত মালহোত্ৰাৰ ছবি ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ত টাইগাৰ শ্ৰফৰ প্ৰতিযোগিতা ৰুপী মন,প্ৰেম,সন্মান, বিদ্যালয়ৰ পুৰস্কাৰৰ কাৰণে কৰা প্ৰত্যাহ্বান আদি দেখিবলৈ পোৱা গৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com