Begin typing your search above and press return to search.

সামূহিক সংক্ৰমণ ! গুৱাহাটীৰ ১৩জন ক'ৰ'না আক্ৰান্তৰ নাই "ভ্ৰমণ ইতিহাস"

নে অৱস্থাত গুৱাহাটীত কম্যুনিটী ট্ৰান্সমিছন হোৱা বুলি এক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷

সামূহিক সংক্ৰমণ ! গুৱাহাটীৰ ১৩জন কৰনা আক্ৰান্তৰ নাই ভ্ৰমণ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2020 1:08 PM GMT

সামূহিক সংক্ৰমণ ! গুৱাহাটীৰ ১৩জন ক'ৰ'না আক্ৰান্তৰ নাই "ভ্ৰমণ ইতিহাস"

গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ সামূহিক বা জন-সমষ্টিগত(কম্যুনিটী ট্ৰান্সমিছন) সংক্ৰমণ ঘটিছে নেকি ? স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা এক তথ্যৰ পাছতে এনে প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটীৰ ১৩জন ক'ৰ'না আক্ৰান্তৰ ভ্ৰমণ ইতিহাস নাই ৷ অৰ্থাৎ এইসকল ক'ৰ'না মহামাৰী আক্ৰান্ত ৰাজ্যৰ বাহিৰলৈ যোৱা নাছিল ৷ তৎসত্বেও তেওঁলোক কেনেদৰে এই মহামাৰীত আক্ৰান্ত হ'ল, তাৰ তথ্য উদ্ধাৰ হোৱা নাই ৷ উল্লেখ্য যে বিদেশ ভ্ৰমণ কৰা অথবা ৰাজ্যৰ বাহিৰলৈ যোবা লোকহে এই মহামাৰীত আক্ৰান্ত হোৱা বুলি ধাৰণা কৰা হৈছিল ৷ সেয়েহে গুৱাহাটীৰ এই ১৩জন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাটো চিন্তাৰ বিষয়ত পৰিণত হৈছে ৷ এনে অৱস্থাত গুৱাহাটীত কম্যুনিটী ট্ৰান্সমিছন হোৱা বুলি এক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ ইপিনে, কালি স্বাস্থ্য মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'ন ক্ৰমে চেৰাবভাটি, বিষ্ণুপুৰ আৰু পাণবজাৰ পৰিদৰ্শন কৰি এই কণ্টেইনমেণ্ট জ'নসমূহৰ অৱস্থাৰ বুজ লয় ৷

শৰ্মাই কয় যে পাণবজাৰত দুজন ফাৰ্মাচী কম্পেনীৰ কৰ্মচাৰীৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।লগতে তেওঁ এইবুলিও ইংগিত দিয়ে যে কোনো এখন ঠাইত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই দুশৰ ঘৰ অতিক্ৰম কৰিলে সেই স্থানক ৰেড জ'ন বা ৰক্ত মণ্ডলৰূপে ঘোষণা কৰা হ'ব ৷

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাত আক্ৰান্ত হ'ল অষ্টম অসম আৰক্ষী বেটেলিয়নৰ জোৱান

Next Story
চাকৰি