পশ্চিম বংগত নকল ভাৰতীয় নোট সম্পৰ্কত গ্ৰেপ্তাৰ ২

অভিযুক্ত দুয়োজনেই অসমৰ বৰপেটা জিলাৰ বুলি জানিব পৰা গৈছে।
পশ্চিম বংগত নকল ভাৰতীয় নোট সম্পৰ্কত গ্ৰেপ্তাৰ ২
Published on: 

কলকাতাঃ নকল ভাৰতীয় টকা গোচৰত কলকাতাৰ পৰা অসমৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ১০ লাখৰো অধিক মূল্যৰ ভুৱা ভাৰতীয় নোটো জব্দ কৰে আৰক্ষীয়ে। খবৰ অনুসৰি পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চৰ এটা দলে অভিযান চলাই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। চৰকাৰী প্ৰতিবেদনত অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে যে এজন আব্দুল ৰেজ্জাক খান বয়স ৪০ বছৰ আৰু আনজন শ্বাহৰ আলী বয়স ৪৩ বছৰ। অভিযুক্ত দুয়োজনেই অসমৰ বৰপেটা জিলাৰ বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com