২ গৰাকী মহিলা কিক বক্সাৰসহ অসমৰ আন ৩ গৰাকীৰ আলফাত যোগদান

ৰাজ্যখনৰ দুগৰাকী কিক বক্সাৰসহ আন তিনিগৰাকী যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ত যোগদান কৰিছে।
২ গৰাকী মহিলা কিক বক্সাৰসহ অসমৰ আন ৩ গৰাকীৰ আলফাত যোগদান

অসমৰ লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, মৰিগাঁও আৰু মাজুলীৰ পাঁচগৰাকীয়ে আলফাত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

ভিডিঅ'টোত মহিলা খেলুৱৈ দুগৰাকীক আন তিনিগৰাকী যুৱতীৰ সৈতে ঘন জংঘলত প্ৰৱেশ কৰা দেখা গৈছে।

কিক বক্সাৰ নয়নমনি চেতিয়া আৰু সবিতা চেতিয়া আন তিনিগৰাকী যুৱতীৰ সৈতে মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল।

নয়নমনি চেতিয়াৰ ঘৰ তিনিচুকীয়া জিলাত আৰু সবিতা ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা।

ইফালে, ৭ বছৰীয়া কন্যাৰ মাতৃ নয়নমণি চেতিয়াৰ আলফাত যোগদানে পৰিয়ালক আচৰিত কৰি তুলিছে ।

এই ঘটনাই ৰাজ্যবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

তিনিগৰাকী যুৱতীৰ ভিতৰত এগৰাকীক লখিমপুৰ জিলাৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

মৰিগাঁও আৰু মাজুলীৰ পৰা অহা যুৱতী দুগৰাকীৰ পৰিচয় বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই।

ৰাজ্যখনৰ যুৱতী-বোৱাৰীয়ে আলফাত যোগদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে কৈছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আলফাৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে।

শ্বেয়াৰ কৰা ভিডিঅ'টোত নয়নমনি আৰু সবিতা নামৰ দুগৰাকী মহিলা কিকবক্সাৰৰ অসমৰ আন তিনিগৰাকীৰ সৈতে ঘন অৰণ্যত প্ৰৱেশ কৰাৰ দৃশ্য দেখা গৈছিল।

যেতিয়া অসম চৰকাৰে শান্তি আলোচনা কৰাৰ বাবে আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ সৈতে সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰি আছিল, সেই সময়ত আলফাত যোগদান কৰাৰ উদ্দেশ্যৰে তিনিগৰাকীৰ জংঘলৰ ফালে আগবাঢ়ি গৈছিল।

৭ বছৰীয়া কন্যাৰ মাতৃয়ে কি কাৰণে আলফাত যোগদান কৰিলে সেই লৈ সম্প্ৰতি চৰ্চাৰ সৃষ্টি হৈছে। দুগৰাকীৰ পৰিচয় বৰ্তমানেও জানিবলৈ সক্ষম হোৱা নাই ।

মহিলাকেইগৰাকীয়ে জংঘলত প্ৰৱেশ কৰাৰ ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com