ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু চাৰিটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

কণ্টেইনমেণ্ট জ’নকেইটা হ’লঃ বীৰুবাৰী, বৰ্ষাপাৰা, আঠগাঁও পুখুৰীপাৰ আৰু বামুণীমৈদামৰ কুশল নগৰ
ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু চাৰিটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা
Published on

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু চাৰিটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটী মহানগৰীৰ আৰু চাৰিটা স্থান ক'ৰ'না কণ্টেইনমেণ্ট মণ্ডল বা জ'নৰূপে ঘোষিত হ'ল ৷ ক'ৰ'না মহামাৰী আক্ৰান্ত চিনাক্ত হোৱাত এই অঞ্চলকেইটাক কণ্টেইনমেণ্ট জ'নৰূপে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে ৷ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি এই কণ্টেইনমেণ্ট জ'নকেইটা হ'লঃ বীৰুবাৰী, বৰ্ষাপাৰা, আঠগাঁও পুখুৰীপাৰ আৰু বামুণীমৈদামৰ কুশল নগৰ ৷ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে তাৎক্ষণিকভাবে উক্ত স্থানসমূহ ছীল কৰিবলৈ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে ৷

এই নতুন চাৰিটা কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা তলত উল্লেখ কৰা হ'লঃ

১) বীৰুবাৰীৰ কণ্টেইমেণ্ট জ'নঃ

ক) উত্তৰঃ কালীমন্দিৰ পথ

খ) দক্ষিণঃ বীৰ চিলাৰায় পথ

গ) পূবঃ অধ্যাপক কল'নী

ঘ) পশ্চিমঃ আৰ কে মিছন

২) বৰ্ষাপাৰাৰ কণ্টেইনমেণ্ট জ'নঃ

ক) উত্তৰঃ সুমন বিহুৱালাৰ বাসভৱন

খ) দক্ষিণঃ মহম্মদ মনছুৰৰ বাসভৱন

গ) পূবঃ ভূপেন হাজৰিকা পথ

ঘ) পশ্চিমঃ মাণিক তালুকদাৰৰ বাসভৱন

৩) আঠগাঁৱৰ কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমাঃ

ক) উত্তৰঃ আঠগাঁও পুখুৰী

খ) দক্ষিণঃ কালী মন্দিৰ

গ) পূবঃ আঠগাঁও কবৰস্থান

ঘ) পশ্চিমঃ মুকুন্দ সৰকাৰৰ বাসভৱন

৪) বামুণী মৈদামৰ কুশল নগৰৰ কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমাঃ

ক) উত্তৰঃ কুশল নগৰ পথ

খ) দক্ষিণঃ ফেকাল্টী এইচ এছ স্কুল

গ) পূবঃ জ্যোতিষ তামুলী আৰু ডিম্বেশ্বৰ দাসৰ বাসভৱন

ঘ) পশ্চিমঃ গুৰু দাস আৰু অন্যৰন্যসকলৰ বাসভৱন ৷

উল্লেখ্য যে ক'ৰ'নাৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ক'ৰ'না আক্ৰান্ত চিহ্নিত একোটা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰা হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com