ক'ৰ'নাঃ অন্তিম ক্ষণত শিশু,গৰ্ভৱতীৰ বাবে নিৰ্মিত হাস্পতালৰ নিৰ্মাণ কাম

এই হাস্পতাল দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথমখন হাস্পতাল হব বুলি স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰিছে।
ক'ৰ'নাঃ অন্তিম ক্ষণত শিশু,গৰ্ভৱতীৰ বাবে নিৰ্মিত হাস্পতালৰ নিৰ্মাণ কাম
Published on: 

অচিৰেই গুৱাহাটীত কেৱল কণমানি শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে নিৰ্মাণ কৰা হাস্পতালখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত নিৰ্মাণ কৰি থকা এই হাস্পতালখন ৪০খন বিছনাযুক্ত হ'ব। আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। পাছত তেওঁ টুইটাৰত হাস্পতালখনৰ অন্তৰ্ভাগৰ কেতবোৰ ফটোও শ্বেযাৰ কৰে। এই ফটোবোৰত শিশুবোৰৰ বাবে হাস্পতালখনত খেলা-ধূলা কৰা কক্ষ আৰু সন্তানক স্তনপান কৰোৱাবৰ বাবে সুকীয়া কক্ষ থকা পৰিলক্ষিত হৈছে।

টুইটাৰত ফটোবোৰ শ্বেয়াৰ কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, "সুখী হৈছো যে কেৱল গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে নিৰ্মাণ কৰা এখন ৪০খন বিছনাযুক্ত হাস্পতাল শীঘ্ৰে কাৰ্যক্ষম হ'ব। এই হাস্পতালখন আজি পৰিদৰ্শন কৰিলো"। এই হাস্পতাল দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথমখন হাস্পতাল হব বুলি স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com