৪৫০ কিলোমিটাৰ বাইক ৰেলী উলিয়াই ক'ৱিড আক্ৰান্ত নাৰ্ছক প্লাজমা দান

যুৱ মঞ্চই সাংগঠনিক নেটৱৰ্ক ব্যৱহাৰ কৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়ত চিকিত্সাধীন নাৰ্ছগৰাকীক প্লাজমা দানৰ ব্যৱস্থা কৰে।
৪৫০ কিলোমিটাৰ বাইক ৰেলী উলিয়াই ক'ৱিড আক্ৰান্ত নাৰ্ছক প্লাজমা দান

শুকুৰবাৰৰ দিনটো স্বাস্থ্য কৰ্মী বিজুৰাণী গগৈৰ জীৱনত এক জটিল প্ৰশ্নই দেখা দিয়ে। ক'ৱিড-১৯ বিৰোধী যুঁজৰ অক্লান্ত সৈনিকগৰাকী নিজেই আক্ৰান্ত হয় এই মহামাৰীত। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত তেওঁ চিকিত্সাধীন হয়। কিন্তু তেওঁক সুস্থ কৰাৰ বাবে আৰোগ্য ক'ৰ'না আক্ৰান্তৰ তেজৰ প্লাজমাৰ প্ৰয়োজন হয়। এই কথাই সংশ্লিষ্ট চিকিত্সককো বিমোৰত পেলায়। সৌভাগ্যবশতঃ এই খবৰ লাভ কৰে কিছুসংখ্যক মাৰোৱাৰী যুৱ মঞ্চই। ততাতৈয়াকৈ যুৱ মঞ্চই এক বাইক ৰেলী উলিয়াই নাৰ্ছগৰাকীৰ কাষত থিয় দিয়াৰ লগতে তেওঁৰ চিকিত্সাৰ বাবে প্ৰয়োজনীয় প্লাজমা দান কৰে।

প্ৰথমে ডিব্ৰুগড়স্থিত ডাঃ ভাস্কৰ পাপুকন গগৈৰ সৈতে যোগাযোগ কৰা হয়। ডাঃ গগৈয়ে নাৰ্ছগৰাকীৰ বাবে গুৱাহাটী মেডিকেল কলেজত প্লাজমাৰ ব্যৱস্থা কৰে। কাৰণ যোৰহাট আৰু ডিব্ৰুগড় মেডিকেলত প্লাজমা অন্ত পৰে।  নাৰ্ছগৰাকীৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা প্লাজমা প্ৰেৰণৰ প্ৰয়োজন হয়। কিন্তু সোমবাৰ আৰু মঙলবাৰক বাদ দি সপ্তাহটোৰ আন দিনসমূহত আন্তঃজিলা যাতায়াত বন্ধ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মাৰোৱাৰী যুৱ মঞ্চই নিজৰ সাংগঠনিক নেটৱৰ্ক ব্যৱহাৰ কৰি  গুৱাহাটীৰ পৰা ডিব্ৰুগড়ত চিকিত্সাধীন নাৰ্ছগৰাকীক প্লাজমা দানৰ ব্যৱস্থা কৰে। মঞ্চৰ এখন জিলাৰ কৰ্মীয়ে আন এখন জিলাৰ কৰ্মীক এই প্লাজমা হস্তান্তৰ কৰে। এনেদৰে ইখন জিলাৰ কৰ্মীয়ে সিখন জিলাৰ কৰ্মীক সেই প্লাজমা হস্তান্তৰ কৰে। এনেদৰে সুদীৰ্ঘ ৪৫০ কিলোমিটাৰ বাট মটৰ চাইকেলৰ যাত্ৰাৰে নাৰ্ছগৰাকীক প্লাজমা দানৰ ব্যৱস্থা কৰা হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com