আব্দুল মালিকক অপমানঃ বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে বহু গোচৰ

২০০০ বৰ্ষতে মৃত্যু হোৱা সাহিত্যিক মালিকক বৌদ্ধিক জেহাদী আখ্যা দিয়া বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে গোচৰ ৰুজু কৰিছে।
আব্দুল মালিকক অপমানঃ বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে বহু গোচৰ

বৰেণ্যে সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকৰ প্ৰতি অতি অপমানজনক মন্তব্য কৰা বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈছে বহু গোচৰ। ২০০০ বৰ্ষতে মৃত্যু হোৱা সাহিত্যিক মালিকক বৌদ্ধিক জেহাদী আখ্যা দিয়া বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে গোচৰ ৰুজু কৰিছে।

কংগ্ৰেছৰ সংখ্যালঘু কোষেও বিধায়ক দেবৰ বিৰুদ্ধে গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। দলে বিতৰ্কিত বিজেপি বিধায়কজনক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। একেদৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে বৰপেটা, ধুবুৰী আৰু মৰিগাঁও জিলাত দেবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তদুপৰি সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে গুৱাহাটীৰ জালুবাৰী আৰক্ষী থানাত বিধাকয় দেবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অসম সংগ্ৰামী যুৱ মঞ্চয়ো দেবৰ বিৰুদ্ধে হাতীগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ইপিনে, বহু লোকে বিধায়কজনৰ এই মন্তব্যক ছোচিয়েল মিডিয়াত ধিক্কাৰ দিছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com