Begin typing your search above and press return to search.
সুস্থ হ'লঃ হাস্পতালৰ পৰা অব্যাহতি ক'ৰ'নাত আক্ৰান্ত আজমলক
কালি আজমলক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়

হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে বদৰুদ্দিন আজমলক। কিছুদিন পূৰ্বে এ আই ইউ ডি এফৰ মুৰব্বী আজমল আৰু তেওঁৰ ভ্ৰাতৃৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। সেই সময়ত মুম্বাইত থকা আজমল আৰু তেওঁৰ ভ্ৰাতৃ মুম্বাইৰে এখন হাস্পতালত ভৰ্তি হয়। কালি আজমলক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। পাছত তেওঁ এই কথা সদৰী কৰি টুইটাৰত কয়, " মোৰ অৱস্থা সম্পূৰ্ণৰূপে ভাল। সৰ্বশক্তিমানজনৰ কৃপাত আৰু চিকিত্সক তথা নাৰ্ছসকলৰ যত্নত মই আৰোগ্য গৈ হাস্পতালৰ পৰা ওলাইছো। এতিয়া মোৰ অৱস্থা সম্পূৰ্ণৰূপে ভাল। হাস্পতাল কৰ্তৃপক্ষ আৰু চিকিত্সক আৰু নাৰ্ছসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিলো"।
আজমল বৰ্তমানেও মুম্বাইতে আছে। ইয়াৰ পূৰ্বে তেওঁ অসুস্থ বুলি প্ৰকাশ কৰিছিল।
আৰু পঢ়িব পাৰেঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬,৭৭২লৈ বৃদ্ধি
Next Story