গুৱাহাটীত পুনৰ চিটীবাছ চলাচলৰ অনুমতি প্ৰদানৰ দাবী মালিক সন্থাৰ

গুৱাহাটীত প্ৰায় ৭০০ চিটীবাছ আছে । চৰকাৰে পুনৰ চিটীবাছ চলাচল অনুমতি প্ৰদান কৰা নাই।
গুৱাহাটীত পুনৰ চিটীবাছ চলাচলৰ অনুমতি প্ৰদানৰ দাবী মালিক সন্থাৰ

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে আৰোপ কৰা তলাবন্ধ বা লক-ডাউন কম-বেছি পৰিমাণে শিথিল কৰা হৈছে। অৱশ্যে ৰাজ্য চৰকাৰে বৰ্তমানলৈকে গুৱাহাটীত চিটীবাছৰ পুনৰ চলাচলৰ অনুমতি প্ৰদান কৰা নাই। ইয়াক লৈ বহু সমস্যাৰ সন্মুখীন হৈছে চিটীবাছ সেৱাৰ সৈতে জড়িতসকলে। বহুতৰে আয় শূন্য হোৱা বুলিও চৰ্চা হৈছে । এনে অৱস্থাতে মহানগৰীৰ চিটীবাছ মালিকসকলে পুনৰ চিটীবাছ চলাচলৰ অনুমতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে।

আজি ইয়াত এখন সংবাদমেলত চাৰিটা চিটীবাছ মালিক সন্থাই কয় যে গুৱাহাটীত প্ৰায় ৭০০ চিটীবাছ আছে । চৰকাৰে পুনৰ চিটীবাছ চলাচল অনুমতি প্ৰদান কৰা নাই। গতিকে বহু চালক, হেণ্ডিমেন আৰু পৰিচালকৰ ভৱিষ্যত ধূসৰ হৈ পৰিছে। মালিকসকলো জটিল সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি সন্থাই আৰু কয়, " আমি ঋণৰ কিস্তি( ই এম আই) আদায় দিবলৈ সক্ষম হোৱা নাই। আমাৰ কৰ্মচাৰীসকলে জীয়াতু ভুগিছে। গতিকে আমি গুৱাহাটীত পুনৰ চিটীবাছ চলাচলৰ অনুমতি দিবলৈ চৰকাৰক আবেদন জনাইছো"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com