বুধবাৰে আবেলি ৰাজ্যসভাত উত্থাপিত হব নাগৰিকত্ব সংশোধনী বিধেয়ক

বুধবাৰে আবেলি ৰাজ্যসভাত উত্থাপিত হব নাগৰিকত্ব সংশোধনী বিধেয়ক
Published on

বুধবাৰে আবেলি ৰাজ্যসভাত উত্থাপিত হব নাগৰিকত্ব সংশোধনী বিধেয়ক।অসমত তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে বুধবাৰে আবেলি সময়ত ৰাজ্যসভাত অমিত শ্বাহে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক।ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে লোকসভাত।অন্যহাতে উচ্চসদন অথবা ৰাজ্যসভাত এন ডি এৰ ভোট আছে ২৪০ টা।বিধেয়কখন গৃহীত কৰাৰ বাবে ভোট প্ৰয়োজন ১২১ টা।

অন্যহাতে সমগ্ৰ উত্তৰ পূবত বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।উল্লাখযোগ্য যে এই বিধেয়ক খনৰ যোগেদি বাংলাদেশ,আফগানিস্তান আৰু পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘূ সকলক অৰ্থাৎ অমুছলমান শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব।অন্যহাতে মঙ্গলবাৰে অসমত তীব্ৰ প্ৰতিবাদৰ পিছত বুধবাৰেও ৰাজ্যত বিধেয়ক খনৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ অব্যাহত আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com