ৰাজ্যসভাত অসমীয়াৰ অস্তিত্ব সংকটত পেলোৱা  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯

ৰাজ্যসভাত অসমীয়াৰ অস্তিত্ব সংকটত পেলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯

ৰাজ্যসভাত অসমীয়াৰ অস্তিত্ব সংকটত পেলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯।গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্য সভাত উত্থাপন কৰিলে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । অমিত শ্বাহে কয় যে এই বিধেয়ক খনে সেই সমূহ লোকক আশ্বাস প্ৰদান কৰিব যি সকলে ভাৰতত স্থায়ী ভাৱে বসৱাস নকৰে । এই বিধেয়ক খন সমগ্ৰ দেশে মানি লোৱা বুলি কয় অমিত শ্বাহে।

চৰকাৰক উদ্দেশ্য কৰি কংগ্ৰেছৰ নেতা আনন্দ শৰ্মাই কয় যে এই বিধেয়ক খনে ভাৰতীয় সংবিধানক নিয়ম সমূহক উলংঘন কৰিছে । ইয়াৰ দ্বাৰা ভাৰতৰ গনৰাজ্যৰ ওপৰত আক্ৰমন কৰা হৈছে । এই বিধেয়ক খনে ভাৰতৰ আত্মাক আঘাত কৰিছে । বিধেয়ক খন ভাৰতীয় সংবিধান আৰু লোকতন্ত্ৰৰ বিৰোধী হয় বুলি কয় আনন্দ শৰ্মাই।

বিতৰ্কিত বিধেয়ক খনৰ বিষয়ে ৰাজ্যসভাত হোৱা চৰ্চাৰ পিছত কংগ্ৰেছে বিজেপিক লক্ষ্য কৰি কয় যে এই বিধেয়কৰ আধাৰত বিজেপিয়ে ভাৰতৰ ধাৰ্মিক ক্ষেত্ৰত বিভাজন অনাৰ চেষ্টা কৰিছে ।

বিৰোধী দলৰ নেতা গুলাম নবী আজাদে কয় যে ৰাজ্যসভাত সমান বিচাৰধাৰাৰ কমেও ১৩ টা দল আছে । লগতে কয় যে সেই সমূহৰ ভিতৰত তেওঁ আছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে ।

চৰকাৰে ভাৰতত হৈ থকা মূল্যবৃদ্ধি সমস্যা সমাধান কৰিব বিচৰা নাই । বিজেপিয়ে কেৱল ধৰ্মৰ আধাৰত বিভাজন কৰিব বিচাৰিছে। বিজেপিয়ে সংবিধানক সন্মান নকৰে ।

আম আদমী পাৰ্টীৰ সঞ্জয় সিঙে কয় যে চৰকাৰে জনসাধৰণৰ ভাৱনাক গুৰুত্ব নিদিয়ে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত যি হৈ অাছে তাক লৈ নিমাত চৰকাৰ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com