Begin typing your search above and press return to search.

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে কেব বিৰোধী প্ৰতিবাদ: নেছৰ ১১ঘন্টিয়া বন্ধত স্তব্ধ উত্তৰ পূব

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে কেব বিৰোধী প্ৰতিবাদ: নেছৰ ১১ঘন্টিয়া বন্ধত স্তব্ধ উত্তৰ পূব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 6:59 AM GMT

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে কেব বিৰোধী প্ৰতিবাদ: নেছৰ ১১ঘন্টিয়া বন্ধত স্তব্ধ উত্তৰ পূব । ৰাজ্যৰ প্রতিটো প্ৰান্ততে কেব বিৰোধী প্ৰতিবাদ : নেছোৰ ১১ঘন্টিয়া বন্ধত স্তব্ধ উত্তৰ পূব।উত্তৰ পূৱৰ ছাত্ৰ সংগঠন নেছোৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙ্গলবাৰে দিয়া ১১ঘন্টিয়া বন্ধত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে তীব্র প্ৰতিবাদ দেখা গল।সাত ম।এল,জালুকবাৰী,উলুবাৰী, গণেশগুৰি,ভঙাগঢ়, খানাপাৰা,দিছ্পুৰ আদি অঞ্চলত বিভিন্ন দল সংগঠনৰ লগতে বহু সংখ্যক লোক ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কনভয় ছয়ম।ইল উৰণীয়া সেতুৰ ওপৰত অৱৰোধ কৰি ঘূৰাই পঠাই প্ৰতিবাদি জনতাই।সাংসদ কুইন ওজাৰ বাসগৃহৰ সন্মুখত সাংসদ গৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী সকলে।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজও বিধেয়ক খনৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।জয় আই অসম,আমি কেব নিবিচাৰোঁ আদি শ্লোগান দি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰে।অন্যহাতে মহানগৰীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰৰ পৰা বিধেয়ক খনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই শিল্পী সমাজে।সমদলটোৱে চান্দমাৰীৰ পৰা শ্বহীদ ন্যাস পৰ্য্যন্ত প্ৰতিবাদী সমদল কৰে।সমদলত অংশগ্ৰহণ কৰে বৰ্ষা ৰাণী বিষয়া,উৎপল দাস আদিৰ দৰে বিশিষ্ট শিল্পী।প্ৰতিবাদত অংশগ্ৰহণ কৰি বৰ্ষা ৰাণী বিষয়াৰ মন্তব্য আমি কোনো কাৰণতে কেবৰ সমৰ্থন নকৰো ।কেব যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে আমি আমাৰ প্ৰতিবাদ আগুৱাই নিম।ছবি নিৰ্মাতা জাহ্নু বৰুৱা ও কেবৰ বিৰোধিতা কৰি অনুষ্ঠিত হবলগীয়া অষ্টম সংখ্যক অসম ৰাজ্যিক ছবি বঁটা আৰু ছবি মহোৎসৱ ,২০১৯ অংশ গ্ৰহণ নকৰোঁ বুলি ঘোষণা কৰিছে। লক্ষীমপুৰটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ দেখা গল।অসমৰ সাহিত্য, সংস্কৃতিৰ প্ৰতি ভাবুকি বিধেয়কখন বাতিল কৰাৰ দাবীত লক্ষীমপুৰত অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলে।লখিমপুৰ চহৰৰ মুখ্য চাৰিআলিত এই প্ৰতিবাদ কৰে আছুৱে।আছুৰ লগতে আমছুৱে প্ৰতিবাদ কৰে কেবৰ বিৰুদ্ধে।টংলাটো কেব বিৰোধী তীব্ৰ আন্দোলন কৰে আছু সহিত প্রায় ২৯টা জনগোষ্ঠীয় সংগঠনে।প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰেল অৱৰোধ কৰে সংগঠন কেইটাই।গোৱালপাৰাটো আছু, গৰীয়া মৰিয়া জাতীয় পৰিষদে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে।বিভিন্ন স্থানত ট।য়।ৰ জ্বলাই প্ৰতিবাদ কৰে সংগঠনকাইটাই।সৰুপথাৰতো বিভিন্ন সংগঠনে বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে।প্ৰায় ২০০০ৰো অধিক সাধাৰণ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

মঙ্গলবাৰে বিধেয়ক খনৰ বিৰুদ্ধে অৰুণাচলটো তীব্ৰ প্ৰতিবাদ দেখা গল।

অন্যহাতে বুধবাৰেও বিশ্বনাথত দেখা গল কেবৰ বিৰুদ্ধে প্ৰতিবাদ।কেবৰ বিৰুদ্ধে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী তথা প্ৰতিবাদকাৰী উলাই আহি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি বিশ্বানাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ কৰি বিশ্বনাথৰ আকাশ বতাহ কপাই তোলে।যিকোনো মূহুৰ্ততে প্ৰতিবাদকাৰীয়ে পৰিস্হিতি অধিক ভয়াবহ কৰি তোলাৰ সম্ভাবনা দেখা দিছে বিশ্বনাথত।প্ৰতিবাদকাৰী সকলে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰা মুহুৰ্তত অৰুনাচলৰ কোনো বিষয়াৰ কনভয়ৰ গাড়ী সেই পথৰে অতিক্ৰম কৰিবলৈ বিচাৰোতে প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে কনভয়ৰ গাড়ীক।

অন্য খবৰৰ বাবে পঢ়ক : আজি ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি