Begin typing your search above and press return to search.

আজি ৰাজ্যসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯

আজি ৰাজ্যসভাত উত্থাপন হব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 6:08 AM GMT

আজি ৰাজ্যসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । লোকসভাত কেব গৃহীত হোৱাৰ পিছত বিজেপিয়ে মুখ্য পৰীক্ষাৰ সন্মুখীন হ'ব ৰাজ্য সভাত । আজি ৰাজ্য সভাত উত্থাপন হ'ব কেব । লোকসভাত জাতিধ্বংসী বিধেয়ক খন গৃহীত হ'লেও ৰাজ্য সভাত গৃহীত হোৱাৰ আশা ক্ষীন । কিয়নো ৰাজ্যসভাত বিজেপিৰ আসনৰ সংখ্যা কম।

ৰাজ্য সভাত বিজেপি তথা ৰাষ্ট্ৰীয় গনতান্ত্ৰিক মৰ্চাৰ নাই সংখ্যাগৰিষ্ঠতা । ৰাজ্যসভাত মুঠ আসনৰ সংখ্যা ২৪৫ জন। কিন্তু এতিয়া সদনত খালি আসনৰ ফলত পদৰ সংখ্যা ২৩৮ হৈছে । লগতে বিধেয়ক খন গৃহীত কৰিবলৈ বিজেপিক ১২০ টা ভোটৰ প্ৰয়োজন, যি সদনত থকা বিজেপিৰ আসনতকৈ দুগুন । কিয়নো ৰাজ্যসভাত বিজেপিৰ আসনৰ সংখ্যা ৮৩ , আৰু মিত্ৰ দল জে ডি (ইউ), শিৰোমণি অকালি দলৰ ক্ৰমে ছয় জন আৰু তিনিজন সাংসদ আছে ।

ৰাজ্যসভাত ১২ সাংসদ মনোনীত আছে । য'ত বিজপিয়ে আশা কৰিছে ১১ জন সাংসদৰ ।‌ য'ত অন্তৰ্ভুক্ত আছে সূব্ৰমনিয়ন স্বামী, স্বাপন দাসগুপ্তা, ৰাকেশ সিন্হাৰ লগতে আন বহুতো। তদুপৰি এল জে পি, আৰ পি আই (এই), অগপ , বি পি এফ, পি এম কৰে, এন পি এফ আৰু এছ ডি এফৰ একোজনকৈ সদস্য থকাৰ উপৰিও চাৰি জন নিৰ্দলীয় আৰু তিনিজন মনোনীত সদস্যও এন ডি এৰ অংশী দাৰ ৰূপে আছে । সমৰ্থন দিয়াৰ সম্ভাৱনা থকা এন ডি এৰ বাহিৰে বি জে ডিৰ সাতজন আৰু ৱাই এছ আৰ কংগ্ৰেছৰ ছয় জন সদস্য আছে ৰাজ্যসভাত ।

কিন্তু শিৱসেনাই যদি সমৰ্থন দিয়ে তেন্তে তেওঁলোকৰ তিনিজন সাংসদ সহ এন ডি এৰ সংখ্যা ১১৯ লৈ বাঢ়িব । কংগ্ৰেছে সমৰ্থন কৰিলে ৰাজ্যসভাত বিধেয়ক খন সহজেই গৃহীত হ'ব ।‌

ৰাজ্যসভাত আজি দুপৰীয়া উত্থাপন হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। দিনৰ ২ বজাত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে। এই বিধেয়কখনক লৈ ৭ ঘণ্টাৰো অধিক সময় চলা বিতৰ্কৰ অন্তত লোকসভাত সোমবাৰে নিশা গৃহীত হয়। লোকসভাত গৃহীত হোৱাৰ পিছত বিধেয়কখন আজি উত্থাপন কৰা হ’ব ৰাজ্যসভাত।

এই পৰ্য্যন্ত বিধেয়কখনৰ বিৰোধী পক্ষত থকা দলবোৰ হ’ল- কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বি এছ পি, সমাজবাদী পাৰ্টী, ডি এম কে, আৰ জে ডি, বাওঁদলবোৰ, এন চি পি, আৰু টি আৰ এছ। এওঁলোকৰ মুঠ সাংসদ আছে ৯৭জন। শিৱসেনা আৰু আম আদমি পাৰ্টিৰ সাংসদ ৩জনকৈ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষা দিয়া হব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story