Begin typing your search above and press return to search.

ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষা দিয়া হব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষা দিয়া হব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 10:35 AM GMT

ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষা দিয়া হব: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।"নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱাৰ পিছত বহু কমসংখ্যক হিন্দু বাংলাদেশীযেহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব ।"বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে সংবাদমাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ৰাজ্য বাসীক আশ্বস্ত কৰে যে অসমবাসীক উদ্দেশ্য কৰি মই কৈছোঁ যে বিধেয়ক খনে অসমৰ ভূমি,ভাষা ,সাহিত্য - সংস্কৃতিত প্ৰভাৱ নেপেলায়।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপি দলৰ জিলা আৰু মণ্ডল সভাপতিসকলৰ এক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেডাৰ আহ্বায়াক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে।সভাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে মন্তব্য কৰে।সভাৰ শেষ হোৱাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে,নাগৰীকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কেৱলমাত্ৰ প্রায় ৫.০৪ লাখ হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

অন্যহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে,এক কাট অফ দেট আছে যি হল ৩১ডিচেম্বৰ ,২০১৪।বহু কমসংখ্যক হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব ৰ বাবে আবেদন কৰিব।কেব গৃহীত হোৱাৰ পিছত মাজুলী জিলাৰ পৰা কেৱল মাত্ৰ ৩০০ হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব ৰ বাবে আবেদন কৰিব,১০০০ জন হিন্দু বাংলাদেশীয়ে আবেদন কৰিব চৰাইদেও জিলাৰ পৰা,১০০০ জনে আবেদন কৰিব নলবাৰী জিলাৰ পৰা,২৪,০০০জনে আবেদন কৰিব বৰপেটা জিলাৰ পৰা,২৮,০০০জনে আবেদন কৰিব বাক্সা জিলাৰ পৰা,১লাখ ৩০হাজাৰ জনে আবেদন কৰিব পাৰিব বৰাক ভেলী জিলাৰ পৰা,কিন্তু এতিয়া প্ৰশ্ন হল ইমান কম সংখ্যক হিন্দু বাংলাদেশী নাগৰিক কেনেদৰে অসমৰ সাহিত্য,সংস্কৃতি,ভাষা সাহিত্যৰ প্ৰতি ভাবুকি হব পাৰে।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি ফালি অছাদুদ্দিন ওৱেইছীৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি