Begin typing your search above and press return to search.

 নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি ফালি অছাদুদ্দিন ওৱেইছীৰ প্ৰতিবাদ

 নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি ফালি অছাদুদ্দিন ওৱেইছীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 8:26 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি ফালি অছাদুদ্দিন ওৱেইছীৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে লোকসভাত গৃহীত হল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । বিধেয়ক খন‌ গৃহীত হ'লে নাগৰিক সকলৰ মাজত বিভাজনৰ সৃষ্টি হ'ব বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধিয়ে ।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে সংসদতো চলিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। সংসদত হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে লোকসভাত কয় যে এয়া দেশ বিভাজনৰ প্ৰচেষ্টা। এই আইন খন সংবিধান বিৰোধী। মুছলমানক ৰাষ্ট্ৰহীন কৰাৰ লক্ষেলে এই নাগৰিকত্ব সংশোধনী বিধেয়ক খনে দেশৰ সৰ্বানাশ মাতি আনিব বুলি কয় সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। লগতে সাংসদ গৰাকীয়ে এয়া মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সাংসদ জনে বিধেয়ক খনৰ প্ৰতিলিপি ফালি বিৰোধ প্ৰদৰ্শন কৰে।

এন চি পিৰ সাংসদ সুপ্ৰিয়া শুলেই এই বিধেয়ক খনৰ বিৰোধিতা প্ৰদৰ্শন কৰি কয় যে এই বিধেয়ক সম্পৰ্কে আলোচনাৰ কোনো প্ৰয়োজন নাই । সাংসদ গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ বাবে অনুৰোধ জনায় ।

অন্যহাতে বিধেয়ক খনৰ সমৰ্থন জনায় সংযুক্ত জনতা দলৰ সাংসদ ৰাজীৱ ৰঞ্জনে । ধৰ্মীয় নিপীড়নৰ সন্মুখীন হোৱা পাকিস্তানৰ সংখ্যালঘু সকলক নাগৰিকত্ব দিয়াটো অতি আদৰণীয় পদক্ষেপ বুলি কয় সাংসদ ৰাজীৱ ৰঞ্জনে।

লগতে অন্ধ্ৰপ্ৰদেশৰ শাসনাধিষ্ট ৱাই এছ আৰ কংগ্ৰেছৰ সাংসদ মিথুন ৰেড্ডীয়ে এই বিধেয়ক খনৰ প্ৰতি সন্মান জনাই কয় যে বিধেয়ক খনে বহুতৰ যন্ত্ৰনা লাঘৱ কৰিব ।

লক্ষনীয় যে চি পি এমৰ দুই সাংসদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ সাংসদ সকলে এই বিধেয়ক খন সমৰ্থন জনায় ।

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে হোৱা বিতৰ্কত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমত হোৱা এন আৰ‌ চি ৰ বিফলতা গাপ দিয়াৰ বাবে বি জে পি‌ৰ এই ষড়যন্ত্ৰ। লগতে তেওঁ কয় যে কেন্দ্ৰই বলপূৰ্বক ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব খুজিলেও এয়া উত্তৰ পূৱে গ্ৰহন নকৰে। বিজেপিয়ে অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বান্ধোন বিনষ্ট কৰিব লৈছে বুলি কয় সাংসদ গৌৰৱ গগৈয়ে।

অৱশেষত বিধেয়ক খনক লৈ হোৱা ভোট গ্ৰহনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৮০ টা আৰু সপক্ষে ৩১১ টা ভোটৰ সহায়ক লোকসভাত গৃহীত হয় জাতিধ্বংসী বিধেয়ক খন।‌

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ : স্তব্ধঅসম

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি