Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ : স্তব্ধঅসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ : স্তব্ধঅসম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 7:29 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ :স্তব্ধ অসম । লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি অধিক তীব্ৰতৰ আন্দোলন হোৱা দেখা গৈছে।নেছোৰ উত্তৰ পূব বন্ধ ঘোষণাৰ সমান্তৰালকৈ মঙ্গলবাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বন্ধৰ লগতে বিধেয়কখনৰ বিৰোধীতাৰে প্ৰতিবাদকাৰী সকল ওলাই আহিছে।সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই বিধেয়কখনৰ বিৰোধিতা কৰিছে।শিল্পী,শিক্ষক,সাংবাদিক,সাহিত্যিক,বুদ্ধিজীৱী সকলো শ্ৰেণীৰ লোকেই কেবৰ বিৰোধীতাৰে ওলাই অহা দেখা গৈছে।সোমবাৰে কেবৰ বিৰোধীতাৰে সাংবাদিক সকলে বেনাৰ পোষ্টাৰ হাতত লৈ আৰু কেব বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।সাংবাদিকসকলৰ এই প্ৰতিবাদৰ প্ৰতি সমথন জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ো প্ৰতিবাদস্থলিত উপস্থিত হয় আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰে।অন্যহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও সোমবাৰে সন্ধিয়া কেবৰ বিৰোধীতাৰে প্ৰতিবাদী সমদল উলিয়াই ।

আনফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে চুতীয়া সংগঠনসমূহৰ ১২ ঘন্টিয়া বন্ধ ঘোষণাৰ ফলত সোমবাৰে স্তদ্ধ হৈ পৰা দেখা গল ৰাজ্যৰ ভিন্ন প্ৰান্ত। কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহল।দুই আৰু চাৰিচকীয়া বাহন সম্পূৰ্ণ ভাবে বন্ধ হোৱা দেখা গল। মৰিগাঁও,যোৰহাট,ডিমৌ,শিৱসাগৰ ,লখিমপুৰ আদি ভিন্ন অঞ্চলত বন্ধৰ লগতে কেবৰ বিৰোধীতাৰে তীব্ৰ প্ৰতিবাদী আন্দোলন হোৱা দেখা গল।যোৰহাটত ২০তাতকৈও অধিক সংগঠনে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।আনফালে কোকৰাঝাৰ আছুৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী ফণী ভূষণ চৌধুৰী আৰু অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃৰ্তি কোকৰাঝাৰ চহৰৰ নতুন উৰণীয়া সেতুত ফাঁচী দি কেব বিৰোধী শ্লোগান দিয়ে।

আনফালে কেবৰ বিৰোধীতাৰে মঙ্গলবাৰে উত্তৰ পূৱৰ ছাত্ৰ সংগঠন নেছোৰ এঘাৰ ঘন্টিয়া বন্ধত

উত্তৰ পূৰ্বাঞ্চল সকলো ৰাজ্য লগতে অসমতো বন্ধ প্ৰভাৱ সৰ্বাত্মক ৰূপে পৰা দেখা গৈছে।ৰাজ্যৰ ভিন্ন ঠাইত যান বাহন চলাচলত বাধা আৰোপ সদৌ অসম ছাত্ৰ সন্থাৰ।

সকলো অসমীয়াক এই বন্ধ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান আছুৰ।মঙ্গলবাৰে আছুৰ পানবজাৰ স্থিত শ্বহীদ ন্যাস ভৱনৰ সন্মুখত ছাত্ৰ সন্থাই বন্ধ প্ৰতিবাদ কৰে।মুখ্যমন্ত্ৰীৰ কনভয়ক বাধা দি কলা পতাকা দেখাবৰ বাবেও সাজু আছিল আছুৰ কৰ্মীসকল কিন্তু মুখ্যমন্ত্ৰীযে পূৰ্ব নিধাৰিত পথ সলনি কৰাত এই প্ৰতিবাদী কায্যসূচী ৰূপায়িত নহল।অন্যহাতে মহানগৰীত কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে বহু নিৰাপত্তাৰক্ষী মোটায়ন কৰা হৈছে ।

মঙ্গলবাৰে নগাঁৱতো অসম বন্ধ সৰ্বাত্মকভাবে হোৱা দেখা গৈছে। পুৱাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদত নামিল গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ নগাঁও জিলা সমিতি ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো নগাঁও পানীখাইতি চাৰিয়ালীত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে সংগঠনটোৱে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছই আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে দক্ষিণ শালমাৰা মানকাচৰত। নেছৰ বন্ধৰ এই আহ্বানত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন দল সংগঠন সমৰ্থন জনোৱাৰ লগতে জিলা খনৰ বিভিন্ন ঠাই গড়কপ্তানি পথ খাৰুৱাবান্ধা, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত, হাটশিঙিমাৰীত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধৰ সমৰ্থক সকলে। ইফালে জিলাখনৰ বিভিন্ন স্কুল কলেজ, বজাৰ ঘাট, বিভিন্ন চৰকাৰী- বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহন সম্পন্ন ভাবে বন্ধ হৈ থকা পৰিলক্ষিত হৈছে।ইপিনে জিলাখনৰ অসম-মেঘালয় সীমান্তৰ পশ্চিম গাৰো পাহাৰ জিলাৰ শিঙিমাৰীতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধৰ সমৰ্থক সকলে।

অন্য খবৰৰ বাবে পঢ়ক : ৩১১ টা ভোটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত: ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি