Begin typing your search above and press return to search.

৩১১ টা ভোটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত: ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত

৩১১ টা ভোটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত: ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 7:05 AM GMT

৩১১ টা ভোটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত: ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত । অৱশেষত লোকসভাৰ মজিয়াত গৃহীত হ'ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । লাখ লাখ অসমীয়াৰ স্বভিমান, বিক্ষোভক নসাৎ কৰি অসমীয়াৰ অস্তিত্ব সংকটত পেলাই শাসনাধিষ্ট বি জে পি‌ চৰকাৰে গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। মাজনিশা প্রায় ১২:০৪ বজাত লোকসভাত গৃহীত হয় কেব।বিধেয়ক খনক লৈ হোৱা ভোটগ্ৰহণত কেবৰ সপক্ষে ৩১১ টা আৰু বিপক্ষে মাত্ৰ ৮০ টা ভোটদান হয় ।‌ গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰায় ১ ঘন্টা ধৰি বিপক্ষৰ সাংসদ সকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে । অৱশেষত ভোট গ্ৰহনৰ জৰিয়তে অসমীয়া জাতিৰ সৰ্বানাশ মাতি অনা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।

যোৱা কেইবাদিনো ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ৰাজ্য সমূহত চলি থকা প্ৰবল প্ৰতিবাদৰ পিছতো গৃহীত হল নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়ক খনৰ জৰিয়তে ছয় দশক পুৰণি নাগৰিকত্ব আইনৰ সংশোধন কৰিব বিচাৰিছে । উল্লেখযোগ্য যে এই বিধেয়ক খনৰ দ্বাৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু শৰণাৰ্থী সকলক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

নাগৰিকত্ব সংশোধনী বিধেয়ক খন উত্থাপন হোৱাৰ আগতে অমিত শ্বাহে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে স্বাধীনতাৰ‌ সময়ত ধৰ্মৰ ভিত্তিত দেশ বিভাজন কৰিছিল কংগ্ৰেছে ।‌যাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজন হৈছে বুলি কয় গৃহ মন্ত্ৰী অমিত শ্বাহে । লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংবিধান বিৰোধী নহয় আৰু এই বিধেয়ক খনে অনুচ্ছেদ ১৪ ৰ উলংঘনো কৰা নাই ।

লোকসভাত কংগ্ৰেছ নেতা অধীৰৰঞ্জন চৌধুৰীৰ‌ লগতে অন্যান্য সাংসদ সকলে কয় যে এই বিধেয়ক খনৰ জৰিয়তে দেশৰ পৰা কেৱল মুছলমান সকল খেদি পঠিওৱাৰ চেষ্টা কৰা হৈছে লগতে এই বিধেয়ক খনে সংবিধানৰ ১৪ নং অনুচ্ছেদ বাতিল কৰাৰ অভিযোগ উত্থাপন কৰে । তাৰপিছত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আন দেশৰ মুছলমানে ভাৰতত বাস কৰাৰ অনুমতি বিচাৰি আৱেদন কৰিলে বিবেচনা কৰি চোৱা চিতা হ'ব বুলি কয় অমিত শ্বাহে।

তদুপৰি হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক এক নায়ক শাসক হিটলাৰ‌ আৰু ইজৰাইলৰ প্ৰতিষ্ঠাতা ডেভিদ বেন গুৰিয়েনৰ সৈতে তুলনা কৰিছে ।

ইপিনে লোকসভাত বিধেয়ক খন উত্থাপন হোৱাৰ সময়ত বিধেয়ক খনক লৈ বিজেপি ৰ বিৰুদ্ধে সৰৱ হৈ উঠে শিৱসেনা । এই বিধেয়ক খন জনস্বাৰ্থৰ পৰিপন্থী বুলি কোৱাৰ লগতে প্ৰকৃততে ভোট বেংকৰ ৰাজনীতি চলিছে বুলি কয় শিৱসেনাই ।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটীৰ ৰাজপথৰ দেৱালত কেব বিৰোধী শ্ল’গান,মন্ত্ৰী হিমন্তৰ টুইট

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি