গুৱাহাটীৰ ৰাজপথৰ দেৱালত কেব বিৰোধী শ্ল'গান,মন্ত্ৰী হিমন্তৰ টুইট

গুৱাহাটীৰ ৰাজপথৰ দেৱালত কেব বিৰোধী শ্ল'গান,মন্ত্ৰী হিমন্তৰ টুইট । অসমৰ জনগনে বিভিন্ন পদ্ধতিৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ৰাজ্যৰ হেজাৰ হেজাৰ জনগন ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে । নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধি আন্দোলনে এতিয়াও হিংসাত্মক ৰূপ লোৱা নাই যদিও আন্দোলন তুংগত উঠা দেখা গৈছে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৯ ডিচেম্বৰ আৰু ১০ ডিচেম্বৰ তাৰিখে বন্ধ ঘোষনাও কৰিছে । বিধেয়কৰ বিৰুদ্ধে আহ্বান কৰা অসম বন্ধই সমগ্ৰ ৰাজ্যতে প্ৰভাৱ পেলাইছে ।
লোকসভাত কেব আজি উত্থাপন হৈছে । লোকসভাত কেব উত্থাপন হোৱাৰ দিনাই পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ দেৱাল সমূহত কেব বিৰোধী শ্ল'গান দেখা গৈছে ।
শ্ল'গান সমূহ এনেধৰণৰ " No CAB, Oppose CAB"
কিছুদিন পূৰ্বেয়ে দেৱাল সমূহত নতুন ৰং দি সজাই পৰাই তোলা হৈছিল । ইতিমধ্যে কতৃপক্ষই শ্ল'গান সমূহ মচি পেলোৱা দেখা গৈছে ।
https://twitter.com/himantabiswa/status/1203910757454249984
গুৱাহাটীৰ দেৱাল সমূহত কেব বিৰোধী শ্ল'গানৰ ওপৰত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে লিখিছে যে, "“পৈশাচিক আনন্দ নে গণতান্ত্ৰিক প্ৰতিবাদ? গুৱাহাটীৰ সদ্য পৰিস্কৃত পকী দেৱালৰ ওপৰত ‘কেব’ বিৰোধী শ্লোগানৰ আক্ৰমণৰ দৃশ্য,” ।
৯ ডিচেম্বৰ তাৰিখে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰা অসম বন্ধক বহু দল সংগঠনে ও সমৰ্থন জনাইছে ।
তদুপৰি আজি লোকসভাত উত্থাপন হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯। লোকসভাত বিধেয়ক খনৰ সমৰ্থনত আছে ২৯৩ টা ভোট । লোকসভাৰ পিছত মঙ্গলবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ'ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক । লোকসভাৰ দৰে ৰাজ্য সভাতো শাসকীয় দল বি জে পিৰ সৰ্বাধিক সদস্য ৮৩ ।
উল্লেখযোগ্য যে পূৰ্বতকৈ কিছু সলনি হৈছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ।
অন্য খবৰৰ বাবে পঢ়ক : জনতাৰ পক্ষত ৰবি শৰ্মা, বি জে পি ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে
ভিডিঅ প্ৰতক্ষ্য কৰক : Normal life paralyzed in Tinsukia after 48 hr bandh called by Moran Students’ Union