Begin typing your search above and press return to search.

জনতাৰ পক্ষত ৰবি শৰ্মা, বি জে পি ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে

জনতাৰ পক্ষত ৰবি শৰ্মা, বি জে পি ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2019 10:27 AM GMT

জনতাৰ পক্ষত ৰবি শৰ্মা, বি জে পি ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনল লগতে সাহিত্য সমাজ, শিল্পী সমাজো ওলাই আহিছে । লেখক, বুদ্ধিজীৱী সকলেও জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

অৱশেষত জনতাৰ পক্ষত ওলাই আহিল অভিনেতা ৰবি শৰ্মা । ৰাজ্যত চলি থকা বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদক সমৰ্থন জনায় ৰবি শৰ্মাই ত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টী ।‌ আজি অভিনেতা গৰাকীয়ে বি জে পিৰ প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰি জনতাক সমৰ্থন জনায় । তেওঁ কয় যে " জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাপে মই সংগ্ৰামী জনগনৰ লগত থকাৰ সিদ্ধান্ত ললো "। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি সমৰ্থন জনাই অভিনেতা গৰাকীয়ে আজি গেৰুৱা দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। জনপ্ৰিয় অভিনেতা গৰাকীয়ে জাতিৰ বিপদৰ সময়ত তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যৰে বি জে পি দলটোৰ পৰা পদত্যাগ কৰে

https://twitter.com/ravirdsarma/status/1203948535378395137

যোৱা কেইবাদিনো ধৰি অসমৰ জাতীয় সত্বা, অস্তিত্ব, ভাষা , সংস্কৃতিত প্ৰভাৱ পেলাব পৰা বিতৰ্কিত বিধেয়ক খনৰ প্ৰতি প্ৰতিবাদ অব্যাহত আছে । প্ৰতিবাদৰ ধ্বনিত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য । ক্ষোভৰ জুইত কপি উঠিল অসমৰ আকাশ বতাশ । ৰাজ্যয়ে কৰা প্ৰতিবাদৰ পিছতো আজি লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে জাতিধ্বংসী বিধেয়ক খন। উল্লেখযোগ্য যে এই বিধেয়কৰ খনৰ বাবে অনুষ্ঠিত কৰা ভোটত ২৯৩ ভোটৰ সমৰ্থনত আছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ।

অন্য খবৰৰ বাবে পঢ়ক : জুবিন গাৰ্গে কৰা মন্তব্যৰ ওপৰত প্ৰত্যুত্তৰ অসমীয়া অভিনেতা যতিন বৰাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Normal life paralyzed in Tinsukia after 48 hr bandh called by Moran Students’ Union

Next Story
চাকৰি