অসমীয়া ভাষা,সংস্কৃতি তথা জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে ;যতীন বৰা

অসমীয়া ভাষা,সংস্কৃতি তথা জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে ;যতীন বৰা
Published on

"অসমীয়া ভাষা,সংস্কৃতি তথা জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে যতীন বৰা । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনল লগতে সাহিত্য সমাজ শিল্পী সমাজো ওলাই আহিছে । প্ৰতিটো সময়তে অসমীয়াৰ লগত থকা জুবিন গাৰ্গে অভিনেতা যতীন বৰাৰ নীৰৱতাৰ প্ৰতি মন্তব্য প্ৰকাশ কৰে । অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলাই আহিছে হেজাৰ হেজাৰ জনতা,তাৰ মাজতেই অভিনেতা যতীন বৰাই নীৰৱ ভূমিকা পালন কৰি আহিছে ।

যতীন বৰাৰ এই স্থিতিৰ প্ৰতি ক্ষোভিত হৈ পৰিছে তেওঁৰ অনুৰাগী তথা সাধৰণ জনতা । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ । ৰবিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক সংবাদমেলক সম্বোধন কৰি জুবিন গাৰ্গে কয় যে যতীন বৰাই বিজেপি ত্যাগ কৰা ৰাইজৰ মাজলৈ ওলাই আহিব লাগে । তেওঁ কয় যে,

‘বিজেপিত যোগদান কৰি চাকৰি ল’লে যতীনে।গতিকে এতিয়া ৰাইজৰ মাজলৈ আহিব পৰা নাই। সেয়া বাৰু তেওঁৰ ব্যক্তিগত কথা। কিন্তু মই কাৰো চাকৰ নহয়, মই স্বাধীন গতিকে ৰাইজৰ লগত আছো। ’

তদুপৰি তেওঁ কয় যে "যতীনে কি ভাবিছা নাজানো, কিন্তু মই জাতীয় স্বাৰ্থত বিজেপি পদত্যাগ কৰিলো হেতেন। মন্ত্ৰী হৈ থকা হেতেনো মই পদত্যাগ কৰিলো হেতেন।"

যতীন বৰাৰ স্থিতি সম্পৰ্কে জুবিন গাৰ্গে কৰা এই মন্তব্যৰ পিছতেই এইবাৰ প্ৰত্যুত্তৰ দিলে অভিনেতা যতীন বৰাই । এক সংবাদ মেলৰ আগত অভিনেতা গৰাকীয়ে কয় যে, তেওঁক যতীন বৰা বনোৱাত অসমৰ জনসাধৰণে যথেষ্ট অৰিহণা জগাইছে । অসমৰ ৰাইজে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক বিধেয়ক বিচৰা নাই তেন্তে যতীন বৰাই ও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব।

ফেচবুক যোগে অভিনেতা গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নিজৰ ফেচবুকৰ জৰিয়তে পোষ্ট কৰি যতীন বৰাই লিখিছে যে, "অসমীয়া ভাষা, অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে। আজি মই যি হয় কেবল অসমবাসীৰ ৰাইজৰ কাৰণেই হয়। অসমীয়া জাতি, অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি সিদ্ধান্ত আঁকোৱালি লয়, সেই সিদ্ধান্তক মই সম্পূৰ্ণ শ্ৰদ্ধা কৰোঁ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com