লেখক,শিল্পী সকলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

লেখক, শিল্পী সকলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দিনে দিনে ৰাজ্যত বৃদ্ধি পাইছে প্ৰতিবাদৰ জুই । প্ৰতিবাদ কাৰীৰে ৰাজপথলৈ ওলাই আহি বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । অসমৰ বিভিন্ন দল সংগঠন, বিদ্যালয়, মহাবিদ্যালয় আদিৰ ছাত্ৰ ছাত্ৰীয়েও ওলাই আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভাষা সংস্কৃতি অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাগি উঠিছে সমগ্ৰ জনগন ।
ৰাজ্য জুৰি বিভিন্ন দল সংগঠনে কৰা প্ৰতিবাদৰ লগতে ৰাজ্যৰ প্ৰায় শতাধিক লেখক ,শিল্পীয়ে ৰাজপথলৈ ওলাই আহিছে। প্ৰতিবাদকাৰী সকলে গান আৰু ছবিৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
দেওবাৰে গুৱাহাটী ক্লাব ৰোটাৰীত আয়োজন হোৱা বিৰোধ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন স্থানৰ প্ৰখ্যাত বুদ্ধিজীৱী, সাহিত্যকাৰ, শিল্পী সমাজে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। লেখক আৰু শিল্পী সমাজে কয় যে জনসাধৰণৰ মাজত নাগৰিকত্ব সংশোধনী বিধেয়কৰ নকৰাত্মক প্ৰভাৱ সমূহৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰিব।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কথা শিল্পী অপূৰ্ব কুমাৰ শৰ্মাই কয় যে কিছুমান লোকে প্ৰতিবাদক ভাষা কেন্দ্ৰিক বুলি কৈছে । কিন্তু এয়া ভাষা কেন্দ্ৰিক আন্দোলন নহয়, এয়া অস্তিত্ব কেন্দ্ৰিক হয় । যদিহে এই বিধেয়ক খন গৃহীত হয় তেন্তে অসমীয়া লোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব ।
প্ৰখ্যাত সাহিত্যকাৰ হিৰেণ গোহাঁয়ে কয় যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও স্বীকাৰ নকৰে । লগতে কয় যে চৰকাৰে আমাৰ স্বতন্ত্ৰতাৰ উলংঘন কৰি আছে ।
বীৰেণ সিন্হা, জনানেন্দ্ৰ বৰকাকতি , সমীৰ তাঁতী , অনুৰাধা শৰ্মা পূজাৰী ৰ লগতে আন বহু প্ৰসিদ্ধ লেখক তথা শিল্পীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বক্তব্য ও আগবঢ়াই ।
অন্য খবৰৰ বাবে পঢ়ক : ডিগবৈত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন,৯,১০ ডিচেম্বৰত বন্ধৰ আহ্বান
ভিডিঅ প্ৰতক্ষ্য কৰক : Illegally carried sown Sal logs & Non Sal Logs 117 pieces (approx) seized in Kokrajhar, 2 arrested