Begin typing your search above and press return to search.

ডিগবৈত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন,৯,১০ ডিচেম্বৰত বন্ধৰ আহ্বান

ডিগবৈত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন,৯,১০ ডিচেম্বৰত বন্ধৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2019 8:39 AM GMT

ডিগবৈত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন,৯,১০ ডিচেম্বৰত বন্ধৰ আহ্বান ।বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে দল সংগঠন বা বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠন সমূহে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। অতি তীব্ৰ গতিত বৃদ্ধি পাইছে জনসাধাৰণৰ ক্ষোভ । শনিবাৰে ডিগবৈৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত অতি শীঘ্ৰেই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিল কৰাৰ দাবীত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিওৱা এই সমদল কাৰ্যসূচীক বহু ছাত্ৰ সংগঠনেও সমৰ্থন জনাইছে । প্ৰতিবাদী দলটোৰ ৫ জন প্ৰতিবাদকাৰীয়ে মুণ্ডন কৰায় আৰু বি জে পি‌ চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি আৰক্ষী পইন্টৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰি আলফাপন্থী নেতা জীতেন দত্তই কয় যে পদত ক্ষোভ প্ৰকাশ কৰাটোৱেই যথেষ্ট নহয়, জনসাধাৰণে আৰু অধিক কঠোৰ আন্দোলন গঢ়ি তুলিব লাগিব। লগতে জীতেন দত্তই অসমীয়া জনসাধাৰণক নিজৰ ভূমি ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

ইয়াৰ মাজতেই মৰান ছাত্ৰ সন্থাই ও নিজৰ নিজৰ ক্ষেত্ৰ সমূহত মটৰ চাইকেল ৰেলী বাহিৰ কৰে লগতে বি জে পি‌ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচীৰে পৰিবেশ উত্তাল মুখৰ কৰি তোলে।

৯ আৰু ১০ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলা বন্ধৰ ঘোষনা কৰি মৰান ছাত্ৰ সন্থাৰ অধ্যক্ষ অৰুণ জ্যোতি মৰাণে চৰকাৰক অসমৰ ছয়টা সমূদায়ক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰে । লগতে কয় যে এইবাৰ আন্দোলন অতি তীব্ৰ ভাৱে ৰূপায়ন কৰা হৈছে।

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰক ক্ষোভ প্ৰকাশ কৰি বিৰোধ প্ৰদৰ্শন কৰি আহিছে।

ইয়াৰ পূৰ্বে ও বৃহস্পতিবাৰে ডিগবৈৰ ছাত্ৰ সংগঠন আৰু অন্যান্য সামাজিক সাংস্কৃতিক সংগঠন সমূহে বি জে পি‌ ৰ বিভিন্ন মন্ত্ৰীৰ পুত্তালিকা দাহ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক: ৪০ঘণ্টাযোৰা মৃত্যুৰে সংঘৰ্ষৰ পিছত শেষ নিশ্বাস ত্যাগ উন্নাওৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ বলি দুভগীয়া যুৱতীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam is heating up, Lakhs of People take to street to protest against CAB on Saturday, Watch Here

Next Story
চাকৰি