Begin typing your search above and press return to search.

৪০ঘণ্টাযোৰা মৃত্যুৰে সংঘৰ্ষৰ পিছত শেষ নিশ্বাস ত্যাগ উন্নাওৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ বলি দুভগীয়া যুৱতীৰ

৪০ঘণ্টাযোৰা মৃত্যুৰে সংঘৰ্ষৰ পিছত শেষ নিশ্বাস ত্যাগ উন্নাওৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ বলি দুভগীয়া যুৱতীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2019 11:52 AM GMT

উন্নাও : উন্নাও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বলি যুৱতীগৰাকী যাক ধৰ্ষণ কৰাৰ পিছত চুৰীৰে আঘাত কৰি দেহত অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা কৰা হৈছিল। সেই ধৰ্ষিতা গৰাকী ৪০ঘণ্টা যোৰা জীৱন মৃত্যুৰ সংঘৰ্ষৰ পিছত শুক্ৰবাৰে নিশা ১১:৪০ ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ সফদৰজং হাস্পতালত। উল্লেখযোগ্য যে যোৱাবছৰ ডিচেম্বৰ মাহত যুৱতীগৰাকী ধৰ্ষণৰ বলি হৈছিল। সেই গোচৰ ন্যায়ালয়ত চলি আছিল আৰু সেই গোচৰ সংক্ৰান্ততে আদালতলৈ গৈ থাকোতে ধৰ্ষণ কাণ্ডৰ মুখ্য অভিযুক্ত শুভম ত্ৰিবেদী নামৰ লোকজনে আন পাঁচজন সহযোগীসহ অস্ত্ৰৰ ভাবুকি দি যুৱতী গৰাকীক সমীপৰ পথাৰলৈ লৈ যায়।তাৰ পিছত যুৱতীগৰাকীৰ দেহত উপযুপৰি চুৰীৰে আক্ৰমণ কৰাৰ লগতে যুৱতীগৰাকীৰ দেহত কেৰাচিন তেল ঢালি অগ্নিসংযোগ কৰে। ইয়াৰ পিছত দেহৰ ৯০ শতাংশ জ্বলি যোৱা পীড়িত। গৰাকীয়ে তেনে অৱস্থাতে প্ৰায় এক কিলোমিটাৰ খোজ কাঢ়ি যায় সহায় বিচাৰি।ইয়াৰ পিছত যুৱতীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি কমুনিটি হেলথ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।পিছত তাৰ পৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।সংকটজনক অৱস্থাত থকা যুৱতীগৰাকীক দিল্লী বিমানবন্দৰৰ পৰা সফদৰজং হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে গ্ৰীণ কৰিডৰৰ সুবিধা কৰি দিছিল। হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি ১১:১০ত যুৱতীগৰাকীৰ শৰীৰৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰে ।তাৰ পিছত ১১:৪০ বজাত মৃত্য হয় যুৱতীগৰাকীৰ।

অন্যহাতে, যুৱতীগৰাকীৰ কৰুণমৃত্যুৰ পিছত যুৱতীগৰাকীৰ ককায়েকৰ হৃদয় বিদাৰক মন্তব্য,"মৃত্যৰ আগলৈকে ভন্টীয়ে মোক কৈ আছিল মোক বচাই দে দাদা,মোক বচাই দে।কিন্তু ভন্টি নাবাছিল।"নিজৰ ভনীয়েকৰ বাবে ন্যায় বিচাৰি ককায়েকজনৰ মন্তব্য " হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ লগত যি হল সেয়া শুদ্ধ হৈছে।মোৰ ভন্টীকো সোনকালে ন্যায় দিব লাগে।মই দোষীৰ ফাঁচী হোৱাটো বিচাৰো।"

Also Read: ১০ ডিচেম্বৰত উত্তৰ পূবত ১১ ঘন্টিয়া বন্ধ ঘোষণা নেছোৰ

Also Watch: Watch | AASU along with 30 indigenous organisations staging protest against CAB in Naharkatia

Next Story
চাকৰি