এপিডিচিএলৰ বিষয়াৰ কাণ্ডঃ প্ৰলোভনেৰে বৃক্ক আদায় কৰিলে দৰিদ্ৰ ব্যক্তিৰ

বৃক্ক দানৰ বিনিময়ত ডেকাই লোকজনক এটা চাকৰি আৰু এডোখৰ মাটি দিয়াৰ প্ৰলোভন দিয়ে।
এপিডিচিএলৰ  বিষয়াৰ কাণ্ডঃ প্ৰলোভনেৰে বৃক্ক আদায় কৰিলে দৰিদ্ৰ ব্যক্তিৰ

অসম শক্তি বিতৰণ নিগম লিমিটেড (এ পি ডি চি এল)-ৰ এগৰাকী শীৰ্ষ মহিলা বিষয়াৰ বিৰুদ্ধে চাকৰিৰ প্ৰলোভনেৰে এজন ব্যক্তিৰ পৰা বৃক্ক আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি এ পি ডি চি এলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী ডেকাই পূৰ্বৰে পৰা চিনাকি সূত্ৰে নগাঁৱৰ হীৰুমণি শইকীয়াক তেওঁৰ অসুস্থ স্বামীৰ বাবে এটা বৃক্ক দান দিবলৈ বাধ্য কৰে।

বৃক্ক দানৰ বিনিময়ত ডেকাই লোকজনক এটা চাকৰি আৰু এডোখৰ মাটি দিয়াৰ প্ৰলোভন দিয়ে। এই প্ৰলোভনত ভোল গৈ শইকীয়াই নিজৰ বৃক্ক ডেকাৰ স্বামীৰ বাবে দান কৰে, কিন্তু তাৰ পাছৰে পৰা তেওঁৰ সৈতে বিষয়াগৰাকীয়ে যোগাযোগ বিচ্ছিন্ন কৰে। এনেদৰে নিজৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ হেৰুৱাৰ পাছতো শইকীয়াই চাকৰি বা ভূমি ডেকাৰ পৰা লাভ কৰিবলৈ সক্ষম নহল। তেওঁ অভিযোগ কৰা অনুসৰি ডেকাই বহুজনক পিয়ন, চকীদাৰৰ লেখীয়া চাকৰি দিয়া বুলি তেওঁৰ আগত উল্লেখ কৰিছিল। 

উল্লেখ্য যে অলপতে এ পি ডি চি এলৰ এটা নিযুক্তি কেলেংকাৰি ফাদিল হয়। এই কেলেংকাৰিত কেইবাজনো ব্যক্তি গ্ৰেপ্তাৰ হ'বলগীয়া হয়।  আনহাতে, ৰাজ্যত কিছুমাহৰ পূৰ্বে বৃক্কৰ এটা অবৈধ বেহাও পোহৰলৈ আহে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com