তলাবন্ধত ছাত্ৰ-ছাত্ৰীক পাঠদানঃ বিনামূলীয়া কেব'ল চেনেল মুকলি অসম চৰকাৰৰ

“ জ্ঞান বৃক্ষ” নামৰ এই চেনেল মুকলি কৰা বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৷
তলাবন্ধত ছাত্ৰ-ছাত্ৰীক পাঠদানঃ বিনামূলীয়া কেব'ল চেনেল মুকলি অসম চৰকাৰৰ

তলাবন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক পাঠদানঃ বিনামূলীয়া কেব'ল চেনেল মুকলি অসম চৰকাৰৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে থাকি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ অসম চৰকাৰে এটি বিনামূলীয়া কেব'ল চেনেল মুকলি কৰিছে ৷ অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আজিৰ পৰা " জ্ঞান বৃক্ষ" নামৰ এই চেনেল মুকলি কৰা বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৷ আজি এখন সংবাদমেলত শিক্ষা মন্ত্ৰী শৰ্মাই কয় যে এই চেনেল কেব'লত উপলব্ধ হ'ব ৷ চেনেলটো টিভিত উপলব্ধ হ'ব ৷ চেনে'লটো কেব'ল টিভিত উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়নে সহযোগিতা আগবঢ়াইছে বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷

এই সম্পৰ্কত তেওঁ আৰু কয়, "শিক্ষাৰ বিষয়বস্তু চৰকাৰে যোগান ধৰিব । তলাবন্ধৰ সময়ছোৱাত চেনেলটোত বিদ্যালয়ৰ লেখীয়াকৈ শিক্ষাদান কৰা হ'ব ৷" ছাত্ৰ-ছাত্ৰীসকলক চেনেলটোক স্কুল বিবেচনা কৰিবলৈ শিক্ষামন্ত্ৰী শৰ্মাই আহ্বান জনায় ৷ ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ উপকাৰাৰ্থে "বিশ্ব বিদ্যা" নামৰ এটা YouTube মুকলি কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীজনে আৰু কয় যে এই ক্ষেত্ৰত ব্যাপক সঁহাৰি পোৱা গৈছে ৷ চেনেলটো ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে ৷

তদুপৰি শিক্ষা বিভাগে দীক্ষা নামৰ এটা app তৈয়াৰ কৰিছিল । "এই এপৰ জৰিয়তে অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাদান কৰা হৈছিল",শৰ্মাই এইদৰে কয় ।

আনহাতে, কৱিড-১৯পজিটিভ ব্যক্তি চিনাক্ত হোৱা হোটেলৰ কৰ্মচাৰীসকলক যদি কোৱাৰেণ্টিন কৰিলে, সকলোকে কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰিব লাগিব বুলি মন্ত্ৰীজনে কয় । "কেৱল ক'ৰ'না পজিটিভকহে কোৱাৰেণ্টিনত ৰখাৰ ব্যৱস্থা আছে । সঁচা কথা ক'বলৈ গ'লে সাংবাদিকসকলকহে কোৱাৰেণ্টিন কৰিব লাগিব," তেওঁ এইদৰে কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com