ক'ৰ'নাৰ পৰা আক্ৰান্তৰ হাৰঃ দেশৰ তিনি শীৰ্ষ ৰাজ্যৰ মাজত অসম

বৰ্তমানলৈকে অসমত ক’ৰ’না আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৩.৩শতাংশ।
ক'ৰ'নাৰ পৰা আক্ৰান্তৰ হাৰঃ দেশৰ তিনি শীৰ্ষ ৰাজ্যৰ মাজত অসম
Published on: 

ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাবৃদ্ধিৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ সম্প্ৰতি অসমে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষত থকা দেশৰ তিনিখন ৰাজ্যৰ মাজত স্থান লাভ কৰিছে ৷ এই কথা সদৰী কৰি সোমবাৰে এখন সলবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ মাজত থকা বুলি ক'লেও ভুল কোৱা নহ'ব ৷ " ভৱিষ্যতে কি হ'ব ক'ব নোৱাৰিলেও এই পৰ্যন্ত অসম ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ মাজত থকা বুলি ক'লেও ভুল কোৱা নহ'ব ৷ বৰ্তমানলৈকে অসমত ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৩.৩শতাংশ ৷ কেৰালাত আৰোগ্যৰ হাৰ ৫২ শতাংশ, পশ্চিমবংগত ৫৯.৫০শতাংশ আৰু মহাৰাষ্ট্ৰত ৪৯.৭৮শতাংশ আৰু গুজৰাটত ৭০শতাংশ, "মন্ত্ৰীজনে এইদৰে কয় ৷

তেওঁ লগতে কয় যে অসমত ক'ৰ'না আক্ৰান্তৰ মৃত্যুৰ হাৰ ০.১৬শতাংশ, যিটো দেশৰ ভিতৰতে সৰ্বনিম্ন । ভৱিষ্যতে কি হয় ক'ব নোৱাৰিলেও বৰ্তমানলৈকে ক'ৰ'না ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম সফল হৈছে বুলি ইংগিত দি আৰু কয়, " অসমে ক'ৰ'না আক্ৰান্তক সুস্থ কৰা আৰু এই মহামাৰীত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি দেশৰ আন ৰাজ্যসমূহৰ তুলনাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো ৷ অৱশ্যে ভৱিষ্যতে কি হ'ব ক'ব নোৱাৰো।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com